ৰূপহীহাট আৰক্ষীৰ অভিযানত ১২২ টা নিচাযুক্ত কফ চিৰাফৰ বটল জব্দ
নগাঁও, ০২ জুলাই (হি.স.)। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ বৃহৎ অভিযান। আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আটক সৰবৰাহকাৰী। ফাঁকলিৰ এখন ধানৰ মিলত লুকুৱাই ৰখা অৱস্থাত ১২২ টাকৈ নিচাযুক্ত কফ চিৰাফৰ বটল জব্দ কৰাৰ লগতে আটক কৰে
ৰূপহীহাট আৰক্ষীৰ অভিযানত ১২২ টা নিচাযুক্ত কফ চিৰাফৰ বটল জব্দ


নগাঁও, ০২ জুলাই (হি.স.)। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ বৃহৎ অভিযান।

আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আটক সৰবৰাহকাৰী।

ফাঁকলিৰ এখন ধানৰ মিলত লুকুৱাই ৰখা অৱস্থাত ১২২ টাকৈ নিচাযুক্ত কফ চিৰাফৰ বটল জব্দ কৰাৰ লগতে আটক কৰে আনোৱাৰ হুছেইন নামৰ এজন লোকক।

আৰক্ষীৰ চকুত ধূলি দি ধানৰ মিলত লুকুৱাই ৰাখিছিল নিচাজাতীয় সামগ্ৰীখিনি।

আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই ১২২টাকৈ নিচাজাতীয় কফ চিৰাফৰ বটলসহ আটক কৰে আনোৱাৰ হুছেইনক।

সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande