উত্তৰ-পূব ৰাজ্যৰ বানপানীক লৈ কংগ্ৰেছ সভাপতিৰ উদ্বেগ প্ৰকাশ
নতুন দিল্লী, ০২ জুলাই (হি.স.)। অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, ছিকিমত সংঘটিত হোৱা ভয়াৱহ বানপানী আৰু ভূমিস্খলনক লৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে এই দুৰ্যোগে বহু লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে হাজাৰ হাজাৰ পৰিয
मल्लिकार्जुन खरगे


নতুন দিল্লী, ০২ জুলাই (হি.স.)। অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, ছিকিমত সংঘটিত হোৱা ভয়াৱহ বানপানী আৰু ভূমিস্খলনক লৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে এই দুৰ্যোগে বহু লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে হাজাৰ হাজাৰ পৰিয়ালক বিধ্বস্ত কৰিছে । ক্ষতিগ্ৰস্ত পৰিয়ালক শোক প্ৰকাশ কৰি খৰ্গে কয় যে প্ৰতিজন ভুক্তভোগীৰ সৈতে দল থিয় দিছে।

খৰ্গেয়ে টুইটাৰত লিখিছে যে এন ডি এ চৰকাৰসমূহে দিয়া প্ৰতিশ্ৰুতি আৰু ২০১৬ চনৰ ভিজন ডকুমেণ্টত অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি ফাকি দিয়া হৈছে । তেওঁ অভিযোগ কৰে যে বানপানী এতিয়া নিয়মীয়া বাৰ্ষিক ট্ৰেজেডী হৈ পৰিছে যদিও দীৰ্ঘম্যাদী সমাধানৰ বাবে চৰকাৰৰ প্ৰস্তুতি আৰু প্ৰচেষ্টা দুখজনকভাৱে অপৰ্যাপ্ত । তেওঁ পিএম কেয়াৰছ ফাণ্ডক তৎকালীনভাৱে ব্যৱহাৰ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক পৰ্যাপ্ত ক্ষতিপূৰণ, ব্যাপক পুনৰ্বাসন আৰু বহনক্ষম সকাহ প্ৰদান কৰিবলৈ দাবী জনায় ।

তেওঁ কয় যে দেশখনে সশস্ত্ৰ বাহিনী, এন ডি আৰ এফ, আৰু এছ ডি আৰ এফৰ দলসমূহৰ বাবে গৌৰৱান্বিত, যিয়ে অহৰহ সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হৈ আছে। কিন্তু এই মানৱীয় সংকটৰ পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰিবলৈ, ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰ নিৰ্মাণ কৰিবলৈ আৰু কোনো ক্ষতিগ্ৰস্ত পৰিয়াল যাতে পিছ পৰি নাথাকে তাৰ বাবে অধিক সম্পদ, আৰ্থিক সাহায্য, আৰু অতিৰিক্ত কৰ্মী নিয়োগ কৰিব লাগিব । খৰ্গে কংগ্ৰেছৰ নেতা-কৰ্মীসকলকো বানপীড়িত অঞ্চলৰ ভুক্তভোগীক সকলোধৰণৰ সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায় ।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande