ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত চুৰি কৰিব আহি ৰাইজৰ ৰোষত দুই গভাইত চোৰ
কামৰূপ, ০২ জুলাই (হি.স.)। পুৱতি নিশা ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত চাঞ্চল্যকৰ ঘটনা। চুৰি কৰিব আহি ৰাইজৰ ৰোষত পৰিল দুই গভাইত চোৰ।ৰাইজে লপা থপা দি গতালে আৰক্ষীক। তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত আজি কেইবাদিন ধৰি বিভিন্ন চুৰি কাৰ্
ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত চুৰি কৰিব আহি ৰাইজৰ ৰোষত দুই গভাইত চোৰ


কামৰূপ, ০২ জুলাই (হি.স.)। পুৱতি নিশা ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত চাঞ্চল্যকৰ ঘটনা। চুৰি কৰিব আহি ৰাইজৰ ৰোষত পৰিল দুই গভাইত চোৰ।ৰাইজে লপা থপা দি গতালে আৰক্ষীক। তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত আজি কেইবাদিন ধৰি বিভিন্ন চুৰি কাৰ্য্য সংঘটিত কৰি চোৰে চলাই আহিছিল সন্ত্ৰাস।

প্ৰশাসনক ঘটনা সন্দৰ্ভত বাৰম্বাৰ অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। অৱশেষত ৰাইজৰ নিয়মীয়া পহৰাত আজি পুৱতি নিশা ৰাইজৰ ৰোষত পৰে দুই গভাইত চোৰ। ৰঙিয়াৰ সমীপৰ বগৰীবাৰী, কাৱৈমাৰী আৰু মাদৈকটা ৰাইজে মিলি বগৰীবাৰীত দুই গভাইত চোৰক ধৰি উত্তম মাধ্যম শোধাই গতালে কাউৰবাহা আৰক্ষীক। বৰ্তমানলৈ পৰিচয় জানিব পৰা হোৱা নাই দুই গভাইত চোৰৰ। ঘটনাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande