
গোলাঘাট, ০২জুলাই (হি.স.)। বোকাখাতত বিকশিত ভাৰত-জি ৰাম জি আঁচনিৰ শুভ উদ্বোধন । পূৰ্বৰ এনৰেগাৰ আঁচনিৰ নাম সলনি কৰি মজুৰি ভিত্তিক সংস্থাপনৰ উদ্দেশ্যৰে এই আঁচনিৰ জৰিয়তে ১০০ দিনীয়া কৰ্মৰ বিপৰীতে ১২৫ দিনলৈ বৃদ্ধি আৰু মজুৰি ৩০০ টকালৈ বৃদ্ধি কৰা হৈছে।
গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাত কাৰ্যালয় চৌহদত অনুষ্ঠিত সভাত আঁচনি খন উদ্বোধন কৰে ৰাজ্যৰ গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত প্ৰীতি জ্বলীয়ে ।
অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত অনুষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ মুখ্য কাৰ্যসূচীৰ সমান্তৰালকৈ অসমত ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত এই উদ্বোধনী অনুষ্ঠান ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু