
গুৱাহাটী, ০২ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় মীন, পশুপালন, আৰু দুগ্ধ মন্ত্ৰী ৰাজীৱ ৰঞ্জন (লালন) সিঙৰ সৈতে সাক্ষাৎ কৰি ৰাজ্যৰ মীন আৰু দুগ্ধ খণ্ডৰ উন্নয়ন সন্দৰ্ভত বিশদ আলোচনাত মিলিত হয়। বৈঠকত উৎপাদন বৃদ্ধি, ৰপ্তানি প্ৰসাৰ, গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে বিভিন্ন পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হয়।
মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে বৈঠকত অসমৰ মীন পালনৰ অপৰিসীম সম্ভাৱনাক ভালদৰে ব্যৱহাৰ কৰা, মাছ উৎপাদন বৃদ্ধি কৰা, মূল্য শৃংখল শক্তিশালী কৰা, প্রচেছিং আন্তঃগাঁথনি গঢ়ি তোলা, বজাৰত প্ৰৱেশ বৃদ্ধি কৰি মাছৰ ৰপ্তানি প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত এক ঐকমত্যত উপনীত হয়। তেওঁ উল্লেখ কৰে যে শীঘ্ৰে এই ধাৰণাবোৰক সুনিৰ্দিষ্ট পৰিকল্পনালৈ ৰূপান্তৰিত কৰি অসমক এক প্ৰধান মাছ উৎপাদক আৰু ৰপ্তানিকাৰক হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা চলোৱা হ’ব।
দুগ্ধ খণ্ডৰ আলোচনাৰ সময়ত দুগ্ধ সমবায় শক্তিশালী কৰা, পশু চিকিৎসা সেৱা সম্প্ৰসাৰণ, পশু চিকিৎসা কেন্দ্ৰ স্থাপন, টেট্ৰা পেক (UHT) আৰু গাখীৰ গুড়ি উদ্য়োগ স্থাপন, কৃত্ৰিম প্ৰজননৰ জৰিয়তে পশুধনৰ গুণাগুণ উন্নত কৰা আদি বিষয়সমূহো বিতংভাৱে আলোচনা কৰা হয়।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এই বৈঠকক ইতিবাচক আৰু উপযোগী বুলিও অভিহিত কৰি কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাই অসমৰ মীন আৰু দুগ্ধ খণ্ডৰ দ্ৰুত উন্নয়নৰ সূচনা কৰি কৃষক, উদ্যোগী, আৰু গ্ৰাম্য জীৱিকাৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিব। এই বৈঠকত মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব ড০ কে কে দ্বিবেদী, অসম ভৱনৰ আৱাসী আয়ুক্ত কবিতা পদ্মনাভন আৰু সংশ্লিষ্ট মন্ত্র্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে৷
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ