
গুৱাহাটী, ০২ জুলাই (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক শক্তিৰ মূল আধাৰ হৈছে ইয়াৰ শৃংখলাবদ্ধ কার্যপদ্ধতি, সুস্পষ্ট আদর্শ আৰু ৰাষ্ট্ৰসেৱাৰ প্ৰতি অটল দায়বদ্ধতা। 'এক ভাৰত, শ্রেষ্ঠ ভাৰত'ৰ সংকল্পক সন্মুখত ৰাখি সাংস্কৃতিক ৰাষ্ট্ৰবাদ, পঞ্চনিষ্ঠা আৰু একাত্ম মানৱ দৰ্শনৰ নীতিক আধাৰ কৰি দলটোৱে সমাজৰ সকলো স্তৰৰ মাজত আস্থা আৰু বিশ্বাস সুদৃঢ় কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ লগতে সংগতি ৰাখি ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ উদ্যোগত চলি থকা 'পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা-অভিযান'ৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাৰ মণ্ডল পর্যায়ত প্রশিক্ষণ বৰ্গসমূহ সফলতাৰে অনুষ্ঠিত হৈ আছে আৰু অনাগত সময়ত জিলা পর্যায়তো অনুষ্ঠিত হ'ব বুলি ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট প্রিয়ংকা তামুলীয়ে জনায়। এই প্রশিক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে দলীয় কার্যকর্তাসকলক সংগঠনৰ ইতিহাস, আদর্শ, কার্যপদ্ধতি আৰু সাংগঠনিক দায়িত্বসমূহৰ বিষয়ে অধিক সুসংহত আৰু বিস্তৃত জ্ঞান প্রদান কৰা।
প্রশিক্ষণ বৰ্গৰ বিভিন্ন মণ্ডলত ৰাজ্যিক সভাপতি শ্রীদিলীপ শইকীয়াৰ লগতে প্ৰতিটো মণ্ডলৰ স্থানীয় বিধায়ক, সাংসদ তথা ৰাজ্যিক বিষয়ববীয়া সকলে সক্রিয়ভাবে অংশগ্রহণ কৰে। কার্যকর্তা সকলক দলৰ বিভিন্ন সাংগঠনিক কার্যসূচী, নীতি-আদর্শ, অনুশাসন ব্যৱস্থা আৰু কার্যপদ্ধতি সম্পর্কে বিস্তৃতভাৱে অৱগত কৰাৰ লগতে সংগঠন অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত কাৰ্যকৰ্তা সকলৰ দায়িত্ব আৰু কৰণীয় বিষয়সমূহৰ ওপৰত বিশদ আলোচনা আগবঢ়ায়। উল্লেখযোগ্য যে দলৰ ৰাজ্যিক সভাপতি শ্রীদিলীপ শইকীয়াৰ লগতে বিধায়ক, সাংসদ আৰু ৰাজ্যিক বিষয়ববীয়া সকলে প্রশিক্ষণ দিয়াৰ লগতে এগৰাকীকৈ প্রশিক্ষার্থী হিচাপেও প্রশিক্ষণ লয় বুলি প্রিয়ংকা তামুলীয়ে জানিবলৈ দিয়ে।
প্রশিক্ষণ মহা-অভিযানৰ অগ্ৰগতিৰ খতিয়ান অনুসৰি, বিজেপিৰ সাংগঠনিক মুঠ ৪৩৩টা মণ্ডলৰ ভিতৰত ৩৫২টা মণ্ডলত ১৫ জুন ২০২৬ ৰ পৰা ৫ জুলাই ২০২৬ লৈকে প্রশিক্ষণ বর্গ আয়োজন কৰাৰ লক্ষ্য ইতিমধ্যে নির্ধাৰণ কৰা হৈছে। মুঠ ৪৩৩টা মণ্ডলৰ ভিতৰত এতিয়ালৈকে ২১৯টা মণ্ডলত প্রশিক্ষণ বৰ্গ সফলতাৰে সম্পন্ন হৈছে আৰু অন্য ১৩৩টা মণ্ডলত প্রশিক্ষণ বৰ্গ অনুষ্ঠিত কৰাৰ তাৰিখ চূড়ান্ত কৰা হৈছে।
উক্ত সময়ছোৱাত সম্পন্ন হোৱা ২১৯টা মণ্ডল প্রশিক্ষণ বর্গত সম্ভাব্য উপস্থিতিৰ সংখ্যা আছিল ২৬,২৮০ জন। ইয়াৰ বিপৰীতে মুঠ ২৪,০০০ জন কার্যকর্তাই সক্রিয়ভাবে অংশগ্রহণ কৰে। ইয়াৰ উপৰিও ২০,৫৮৩ জন অংশগ্রহণকাৰীয়ে নিশোটো প্রশিক্ষণ কেন্দ্ৰত অৱস্থান কৰি সম্পূৰ্ণ কাৰ্যসূচীত অংশগ্রহণ কৰে। ইয়াৰ ঠিক পিছতেই ৬ জুলাই ২০২৬ পৰা ৩০ জুলাইলৈকে জিলা পর্যায়তটো 'পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা-অভিযান' আৰম্ভ হ'ব বুলি প্রিয়ংকা তামুলীয়ে জানিবলৈ দিয়ে।
উল্লেখযোগ্যভাৱে, সম্পূর্ণ হোৱা ২১৯টা প্রশিক্ষণ বৰ্গৰ ভিতৰত ২০৫টা বর্গত বিশেষ প্রদর্শনী আয়োজন কৰা হৈছে, যাৰ জৰিয়তে দলৰ ইতিহাস, আদর্শ, সাংগঠনিক বিকাশ আৰু জনকল্যাণমূলক কার্যসূচী সমূহ অধিক ফলপ্রসূভাৱে উপস্থাপন কৰা হয়। ভাৰতীয় জনতা পার্টিয়ে দৃঢ়তাৰে বিশ্বাস কৰে যে এনে প্রশিক্ষণমূলক কার্যসূচীয়ে সংগঠনৰ ভেটি অধিক সুদৃঢ় কৰাৰ লগতে আগন্তুক দিনত দলক অধিক গতিশীল, শক্তিশালী আৰু জনমুখী ৰূপত আগুৱাই নিয়াত সহায়ক হ'ব।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ