
কোকৰাঝাৰ, ০২ জুলাই (হি.স.)। অহা ৫ জুলাই, ২০২৬ তাৰিখে কোকৰাঝাৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া অসম লোকসেৱা আয়োগ (APSC)-ৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা (CCE Preliminary Examination) ২০২৫ উপলক্ষে জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)ৰ ধাৰা ১৬৩ অনুসৰি এক নিষেধাজ্ঞা জাৰি কৰিছে।
পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত পুৱা ১০:০০ বজাৰ পৰা দুপৰীয়া ১২:০০ বজালৈ আৰু দ্বিতীয় পৰ্যায়ত দুপৰীয়া ২:০০ বজাৰ পৰা আবেলি ৪:০০ বজালৈ অনুষ্ঠিত হ'ব। পৰীক্ষা যাতে সম্পূৰ্ণ স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হয় আৰু পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে আইন-শৃংখলা আৰু শান্তি-শৃংখলা অটুট ৰাখিবৰ বাবে এই আদেশ জাৰি কৰা হৈছে।
ইয়াৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী, স্ক্ৰাইব (লেখক) আৰু পৰীক্ষা পৰিচালনা তথা নিৰীক্ষণৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰী সকলৰ বাহিৰে আন কোনো লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰিও পৰীক্ষাৰ্থী সকলে ম'বাইল ফোন, কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা, ঘড়ী, হেল্থ বেণ্ড, ইলেক্ট্ৰনিক পেন, স্কেনাৰ, ব্লুটুথ ডিভাইচ, ইয়েৰফোন, মাইক্ৰ'ফোন আদি লগত আনিব নোৱাৰিব।
লগতে ছপা বা লিখিত যিকোনো পাঠ্য সামগ্ৰী অথবা অবৈধ উপায় অৱলম্বনৰ বাবে ব্যৱহাৰ কৰিব পৰা যিকোনো সামগ্ৰী বহন কৰাও সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যান-বাহনৰ চলাচলত বাধা আৰু অনুমতি নথকা বাহন অবৈধভাৱে পাৰ্কিং কৰা নিষিদ্ধ কৰা হৈছে। তদুপৰি পৰীক্ষাৰ সময়ছোৱাত কেন্দ্ৰৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত লাউডস্পীকাৰ বা অধিক শব্দ উৎপন্ন কৰা যিকোনো ধৰণৰ শব্দযন্ত্ৰ ব্যৱহাৰ কৰাও নিষিদ্ধ কৰা হৈছে।
এই নিষেধাজ্ঞা তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে। আদেশ উলংঘা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে প্ৰচলিত আইনৰ সংশ্লিষ্ট ধাৰা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জিলা প্ৰশাসনে পৰীক্ষা শান্তিপূৰ্ণ, নিকা আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ স্বাৰ্থত সকলো নাগৰিকক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ