
নতুন দিল্লী, ০২ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কৰ্ণাটকৰ বেংগালুৰু নগৰ জিলাৰ এটা শিল কুৱেৰীত সংঘটিত হোৱা দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে । তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে কয়, কৰ্ণাটকৰ বেংগালুৰু নগৰীয়া জিলাত সংঘটিত শিল কুৱেৰী দুৰ্ঘটনাত লোকৰ প্ৰাণ হেৰুৱাৰ কথা শুনি মই গভীৰভাৱে দুখী হৈছো। নিজৰ আপোনজনক হেৰুৱাই পেলোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।
উল্লেখযোগ্য যে বেংগালুৰু দক্ষিণ তালুকৰ মদাপটনা গাঁৱৰ সমীপৱৰ্তী কাবেৰী ক্ৰুশ্বাৰ শিলৰ কুৱেৰীত আজি এটা প্ৰকাণ্ড শিল বাগৰি পৰাত ৭ জন শ্ৰমিক নিহত হোৱাৰ লগতে ৫ জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক আৰ আৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে যদিও চিকিৎসাধীন হৈ আছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ