
নতুন দিল্লী, ১৬ জুলাই (হি.স.)। কেন্দ্ৰীয় চৰকাৰে ৬ আগষ্টৰ ভিতৰত অংশীদাৰ আৰু জনসাধাৰণৰ পৰা পৰামৰ্শ বিচাৰি কৰ্পৰেট গড় ইন্ধন দক্ষতা-২০২৭ (চিএএফই–III) নীতিৰ খচৰা প্ৰকাশ কৰিছে।
শক্তি মন্ত্ৰালয়ৰ মতে, এই নীতিসমূহ ২০২৭-২৮ৰ পৰা ২০৩১-৩২ চনৰ ভিতৰত ভাৰতত বিক্ৰীৰ বাবে নিৰ্মিত বা আমদানি কৰা এম ১ শ্ৰেণীৰ যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব বুলি প্ৰস্তাৱ কৰা হৈছে। এই খচৰা নীতিসমূহৰ সন্দৰ্ভত অংশীদাৰ আৰু জনসাধাৰণৰ পৰা পৰামৰ্শ আৰু মতামত বিচৰা হৈছে । শীঘ্ৰে শক্তি মন্ত্ৰালয় আৰু শক্তি দক্ষতা ব্যুৰোৰ ৱেবছাইটতো আপলোড কৰা হ’ব এই খচৰা নীতি। বাহনৰ নিৰ্গমন ক্ৰমান্বয়ে হ্ৰাস কৰাৰ লক্ষ্যৰে এই নতুন নীতিসমূহে বৰ্তমানৰ চিএএফই–II নীতিৰ ঠাই ল’ব, যাৰ ম্যাদ ২০২৭ চনৰ ৩১ মাৰ্চত শেষ হোৱাৰ সম্ভাৱনা আছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ