
নলবাৰী, ১৪ জুলাই (হি.স.)। নলবাৰী জিলাৰ টিহুৰ নান্নাট্টাৰী গাঁৱৰ এগৰাকী মহিলাই নিজ প্ৰচেষ্টাত স্বাৱলম্বী হোৱাৰ লগতে দহ - বাৰ পৰিয়ালক আত্মসংস্থাপনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে । অভাবেই আৱিস্কাৰৰ মূল লেখিয়াকৈ দুই সন্তানৰ মাতৃ স্বামী হাৰা প্ৰণিতা কলিতা ডেকাই ২০১৭ চনত স্বামীৰ মৃত্যু হোৱাত দিক বিদিক হেৰুৱাই অশেষ কষ্টৰ মাজেৰে সময় পাৰ কৰাৰ সময়তে এজাক মহিলাই প্ৰনিতাক সংগ দিয়াত নতুন চিন্তাৰে প্ৰণীতাই আগুৱাব বিছাৰে ।
উল্লেখ্য যে ২০১২ চনত খাদ্য প্ৰস্তুতকৰণ প্ৰশিক্ষণ প্ৰাপ্ত প্ৰনিতাই মহিলা সকলক লগত লৈ আৰম্ভ কৰে বিভিন্ন প্ৰকাৰৰ আচাৰ বনোৱাৰ । প্ৰায় ১৫ বিধ ভেৰাইটিজ আছাৰ বনাই গৃহ জিলাৰ লগতে কেইবাখনো জিলা লৈ প্ৰচলন কৰি আশাসুধিয়া সমাদৰেৰে প্ৰনিতাই এতিয়া নিজৰ লগতে দহ বাৰ পৰিয়ালক আত্ম সংস্হাপনৰ সুবিধা প্ৰদান কৰিছে । ইয়াৰ পিছত এতিয়া নতুন কৈ বিস্কুট বনোৱাও আৰম্ভ কৰিছে প্ৰনীতাই । প্ৰণীতা কলিতাৰ উদ্যোগৰ বিভিন্ন প্ৰকাৰৰ বিস্কুটে কেইবাখনো জিলাৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা