
ডালাছ, ১৪ জুলাই (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ৰ ছেমি ফাইনেলৰ পূৰ্বে সোমবাৰে দলটোৰ চূড়ান্ত অনুশীলনত সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰা নাছিল ফ্ৰান্সৰ অধিনায়ক কাইলিয়ান এমবাপে। অৱশ্যে দলীয় পৰিচালনা সমিতিয়ে স্পষ্ট কৰি দিছে যে তেওঁৰ গোৰোহাত হোৱা সামান্য আঘাত গুৰুতৰ নহয় আৰু স্পেইনৰ বিৰুদ্ধে খেলিবলৈ তেওঁ সম্পূৰ্ণৰূপে উপলব্ধ হ’ব ।
যোৱা সপ্তাহত মৰক্কোৰ বিৰুদ্ধে খেলা কোৱাৰ্টাৰ ফাইনেলৰ সময়ত এমবাপে গোৰোহাত সামান্য আঘাত পাইছিল, য’ত ফ্ৰান্সে ২-০ গ’লত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। খেলখনৰ অন্তিম পৰ্যায়ত সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁক খেলপথাৰৰ পৰা আঁতৰাই অনা হয়।
ছেমি ফাইনেলৰ পূৰ্বে সোমবাৰৰ অনুশীলনত এমবাপে মাত্ৰ কিছু সময়ৰ বাবেহে অংশগ্ৰহণ কৰিছিল । ফ্ৰান্সৰ মুখ্য প্ৰশিক্ষক ডিডিয়েৰ ডেচাছিনে তেওঁৰ ফিটনেছক লৈ কোনো ধৰণৰ উদ্বেগ নুই কৰে।
ডেচেনেলে কয়, কাইলিয়ান সম্পূৰ্ণ ভাল। তেওঁ অনুশীলন কৰিছে। আমি মাত্ৰ তেওঁৰ প্ৰশিক্ষণৰ সময় অলপ কমাই দিলোঁ। আন খেলুৱৈসকলে ১৫ মিনিট ড্ৰিলত কটাবলগীয়া হোৱাৰ বিপৰীতে এমবাপে ১০ মিনিট অংশগ্ৰহণ কৰে।
বিশ্বকাপত উৎকৃষ্ট ফৰ্মত থকা এমবাপে ফ্ৰান্সৰ সৰ্ববৃহৎ মেচ বিজয়ী হিচাপে প্ৰমাণিত হৈছে। সেয়েহে স্পেইনৰ বিৰুদ্ধে ছেমি ফাইনেলত তেওঁৰ উপস্থিতি ফ্ৰান্সৰ বাবে এক ডাঙৰ সকাহ বুলি বিবেচিত হৈছে।
মঙলবাৰে ফ্ৰান্স আৰু স্পেইনৰ মাজত অনুষ্ঠিত হ’ব এই বহু প্ৰত্যাশিত ছেমি ফাইনেল, য’ত বিজয়ী দলটোৱে ২০২৬ চনৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ