
- আইচিচিৰ অৰ্হতা ব্যৱস্থাত অন্তৰ্ভুক্তিৰ বাবে ৰোডমেপ প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পন
এডিনবাৰ্গ, ১৪ জুলাই (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) বাৰ্ষিক বৈঠকত আফগান শৰণাৰ্থী মহিলা ক্ৰিকেটাৰসকলৰ বাবে চলি থকা উন্নয়ন পথ কাৰ্যসূচী অব্যাহত ৰখাত অনুমোদন জনায়। আইচিচিয়ে ২০৩০ চনৰ ভিতৰত আফগান শৰণাৰ্থী মহিলা দলটোক আইচিচিৰ অৰ্হতা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ বাবে ৰোডমেপ প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া বিশেষ টাস্ক ফ’ৰ্চ পুনৰ গঠন কৰে।
আইচিচি ব’ৰ্ডে ইয়াৰ স্বতন্ত্ৰ সঞ্চালক ড০ ৰোজ ৰিৱাজ আৰু আইচিচিৰ মুখ্য কাৰ্যবাহী সমিতিৰ সদস্য চাৰা কিনকও এই বিশেষ টাস্ক ফ’ৰ্চত অন্তৰ্ভুক্ত কৰিছে। তেওঁলোকে বিচিচিআই, ক্ৰিকেট অষ্ট্ৰেলিয়া, আৰু ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ড (ইচিবি)ৰ প্ৰতিনিধিৰ সহযোগত এই কাৰ্যসূচী তদাৰক কৰিব।
আইচিচিৰ উদ্ধৃতিৰে ড০ ৰোজ ৰিৱাজে কয় যে এই পদক্ষেপে আফগান শৰণাৰ্থী মহিলা ক্ৰিকেটাৰসকলৰ বাবে গাঁথনিগত প্ৰশিক্ষক, প্ৰতিযোগিতামূলক মেচ, আৰু উচ্চ প্ৰদৰ্শনমূলক কাৰ্যসূচীৰ এক শক্তিশালী কাঠামো সৃষ্টি কৰিব। তেওঁ কয় যে আইচিচিয়ে ক্ৰিকেটৰ জৰিয়তে সুযোগ প্ৰদানৰ প্ৰতিশ্ৰুতি আৰু অধিক আগুৱাই লৈ গৈছে।
আফগান শৰণাৰ্থী মহিলা ক্ৰিকেটাৰ নাহিদা সাপানে কয় যে এই কাৰ্যসূচীয়ে তেওঁলোকক কেৱল ক্ৰিকেট খেলাৰ সুযোগ দিয়াই নহয়, দল হিচাপে একত্ৰিত হোৱাৰ সুযোগো দিয়া হৈছে। আই চি চিৰ দীৰ্ঘম্যাদী সমৰ্থনে আন দেশৰ খেলুৱৈৰ সৈতে সমান সুযোগৰ আশা আৰু অধিক শক্তিশালী কৰি তুলিছে বুলিও কয় ছানীয়ে।
খেলুৱৈ ফিৰোজা আফগানে কয় যে বিগত এটা বছৰত ভাৰত আৰু ইংলেণ্ড ভ্ৰমণ তেওঁৰ জীৱনৰ কিছুমান স্মৰণীয় অভিজ্ঞতা। নিজ নিজ দেশৰ শীৰ্ষ প্ৰশিক্ষকৰ সৈতে প্ৰশিক্ষণ লোৱা আৰু ২০৩০ চনৰ ভিতৰত আইচিচিৰ অৰ্হতাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লক্ষ্যই তেওঁলোকক উন্নত প্ৰদৰ্শন আগবঢ়াই যাবলৈ প্ৰেৰণা যোগাব বুলিও কয় ছানীয়ে।
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ তথা “ইটছ গেম অন”ৰ সহ-প্ৰতিষ্ঠাপক মেল জ’নে এই পদক্ষেপক আদৰণি জনাই কয় যে এই কাৰ্যসূচী খেলুৱৈসকলৰ ভৱিষ্যতৰ বাবে এক ডাঙৰ পদক্ষেপ। বিগত এটা বছৰত এই মহিলা ক্ৰিকেটাৰসকলে প্ৰচণ্ড অগ্ৰগতি লাভ কৰি বিশ্বৰ মহিলা আৰু ছোৱালীৰ বাবে প্ৰেৰণা হিচাপে পৰিগণিত হৈছে বুলিও কয়।
আইচিচিয়ে কয় যে এই কাৰ্যসূচীৰ অধীনত খেলুৱৈসকলে নিজৰ বাসগৃহত ক্ৰিকেট প্ৰশিক্ষক, শক্তি আৰু কণ্ডিচনিং বিশেষজ্ঞ, ফিজিঅ’থেৰাপি, আৰু নিয়মীয়া প্ৰশিক্ষণৰ সুবিধা লাভ কৰি থাকিব। তদুপৰি তেওঁলোকৰ বাবে পৰ্যায়ক্ৰমে অধিক আন্তঃৰাষ্ট্ৰীয় মেচ আৰু গ্ৰুপ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হ’ব।
ভাৰত আৰু ইংলেণ্ডৰ দৰেই ভৱিষ্যতেও দলসমূহক একেলগে প্ৰশিক্ষণ আৰু প্ৰতিযোগিতামূলক মেচ খেলাৰ সুযোগ দিয়া হ’ব, যাতে ২০৩০ চনৰ ভিতৰত আইচিচিৰ অৰ্হতা ইভেণ্টত অংশগ্ৰহণৰ লক্ষ্যত উপনীত হ’ব পাৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ