খাদ্য কেলেংকাৰিঃ উচ্চতম ন্যায়ালয়ৰ পৰা বিপৰ্যয়ৰ সন্মুখীন হৈছে চিবিআই, লালু যাদৱৰ জামিন বাতিলৰ দাবী নাকচ
নতুন দিল্লী, ১৪ জুলাই (হি.স.)। পশুখাদ্য কেলেংকাৰীৰ সৈতে জড়িত দেওঘৰ গোচৰত লালু প্ৰসাদ যাদৱৰ জামিন বাতিল কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৰ আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ এম এম সুন্দৰেশৰ নেতৃত্বত চলা বিচাৰপীঠে উচ্চ ন্যায়
सुप्रीम कोर्ट (फाइल फोटो)


নতুন দিল্লী, ১৪ জুলাই (হি.স.)। পশুখাদ্য কেলেংকাৰীৰ সৈতে জড়িত দেওঘৰ গোচৰত লালু প্ৰসাদ যাদৱৰ জামিন বাতিল কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৰ আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ এম এম সুন্দৰেশৰ নেতৃত্বত চলা বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ জামিন নিৰ্দেশত হস্তক্ষেপ কৰাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰে।

উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে ২০১৮ চনত উচ্চ ন্যায়ালয়ত আপীল দাখিল কৰা হৈছিল । উচচতম ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ে এই আবেদন ছমাহৰ ভিতৰত নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিছিল । ২০১৮ চনত লালু যাদৱৰ শাস্তি বৃদ্ধিৰ বাবে চিবিআইয়ে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই গোচৰৰ অভিযুক্তসকলৰ বয়স ৬০ বছৰৰ ওপৰৰ বুলি উল্লেখ কৰে । শুনানিৰ সময়ত চি বি আইৰ হৈ এ এছ জি এছ ভি ৰাজুৱে যুক্তি আগবঢ়ায় যে উচ্চ ন্যায়ালয়ে লালু প্ৰসাদ যাদৱৰ শাস্তি স্থগিত ৰাখি আইনৰ অপব্যৱহাৰ কৰিছে। এই আদেশ অবৈধ আছিল।

শুনানিৰ সময়ত লালু প্ৰসাদ যাদৱৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে কয় যে এই গোচৰৰ কেইবাজনো অভিযুক্তই চিবিআইৰ আবেদনৰ প্ৰতি এতিয়াও কোনো সঁহাৰি নিদিলে। আদালতৰ চমনও পোৱা নাই একাংশই। ইয়াৰ পিছত আদালতে কয়, আমি বুজি পাওঁ এই আবেদনখন কি বিষয়ত। আমি বুজি পাওঁ যে চিবিআই আৰু লালু প্ৰসাদ যাদৱৰ অধিবক্তাই ইয়াৰ ফলাফল জানে। আপুনি আপোনাৰ কাম কৰে, আৰু আমি আমাৰ কাম কৰি আছো।

উত্তৰত লালু প্ৰসাদ যাদৱে চিবিআইৰ আবেদনৰ বিৰোধিতা কৰি কয় যে কেৱল চিবিআইৰ সিদ্ধান্তত অসন্তুষ্ট হোৱাৰ বাবেই উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাব নোৱাৰি ।

ঝাৰখণ্ডৰ দেওঘৰৰ কোষাগাৰৰ সৈতে জড়িত পশুখাদ্য কেলেংকাৰিৰ গোচৰত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে প্ৰদান কৰা লালু যাদৱৰ জামিনক চিবিআইয়ে প্ৰত্যাহ্বান জনাইছে । বিচাৰ আদালতে ২০১৭ চনত লালু যাদৱক পাঁচ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।লালু যাদৱৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ কাৰণে উচ্চ ন্যায়ালয়ে ২০১৯ চনত জামিন মঞ্জুৰ কৰিছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক চিবিআইয়ে প্ৰত্যাহ্বান জনায়। মুঠ চাৰিটা গোচৰত দোষী সাব্যস্ত হৈছে লালু যাদৱ।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande