
নতুন দিল্লী, ১৪ জুলাই (হি.স.)। তেলেংগানাৰ মুখ্যমন্ত্রী ৰেৱন্ত ৰেড্ডীয়ে মঙলবাৰে কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰে৷ দুয়োগৰাকী নেতাই বিভিন্ন উন্নয়নমূলক আৰু আন্তঃগাঁথনি বিষয়ত আলোচনা কৰে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই বৈঠকৰ তথ্য ভাগ-বতৰা কৰি গাডকাৰীয়ে কয় যে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে আজি দিল্লীত তেওঁক সৌজন্যমূলক সাক্ষাৎ কৰে । বৈঠকত তেওঁলোকে তেলেংগানাত চলি থকা বিভিন্ন পথ আৰু উন্নয়নমূলক প্ৰকল্পৰ লগতে কেইবাটাও প্ৰস্তাৱিত পথ প্ৰকল্পৰ বিষয়ে আলোচনা কৰে ।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ