লংকাৰ ঘটনাৰ মূল অভিযুক্তৰ আত্মসমৰ্পণ
লংকাৰ ঘটনাৰ মূল অভিযুক্তৰ আত্মসমৰ্পণ ।
লংকাৰ ঘটনাৰ মূল অভিযুক্তৰ আত্মসমৰ্পণ


হোজাই, ১৪ জুলাই (হি.স.): হোজাই জিলাৰ লংকাৰ পীপুল পুখুৰীৰ চাঞ্চল্যকৰ ঘটনাই নতুন মোৰ লৈছে । অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে মূল অভিযুক্ত স্বামীয়ে ।

দেওবাৰে পীপুল পুখুৰী অঞ্চলত সংঘটিত হোৱা এই জঘন্য হত্যাকাণ্ডৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোত ক্ষোভৰ জুই জ্বলি আছিল। ঘটনাৰ পিছৰে পৰা আৰক্ষীয়ে অভিযুক্তটোক বিচাৰি তীব্ৰ অভিযান চলাই আছিল । চাৰিওফালৰ পৰা পলায়নৰ পথ বন্ধ হৈ পৰাত যোৱা কালি বিয়লি ভাগত অভিযুক্ত স্বামী আমজাদ আলীয়ে স্বয়ং হোজাই যোগীজান থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে । স্বামী প্ৰকাশ কৰে তেওঁ পত্নী সুজেতা বেগমে হোটেলত অপকৰ্ম কৰা বাবেই হত্যা কৰে । হোজাই আৰক্ষীৰ তদন্তৰ পাছত সমগ্ৰ কাহিনী পোহৰলৈ আহিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande