
মৰিগাঁও, ১৪ জুলাই (হি.স.): মৰিগাঁও জিলাৰ লাহৰীঘাটত যোৱা কালি সোমবাৰে সন্ধিয়া সংঘটত হয় এক চাঞ্চল্য়কৰ হত্যাকাণ্ডৰ ঘটনা । কণিষ্ঠ ভাতৃৰ প্ৰহাৰত মৃত্যু মুখত পৰে জ্য়েষ্ঠ ভাতৃ । লাহৰীঘাটৰ অমৰাগুৰিত সংঘটিত হয় এক জঘন্য হত্যাকাণ্ড।
কণিষ্ঠ ভাতৃয়ে প্ৰাণ ল'লে জ্য়েষ্ঠ ভাতৃ জাকিৰ হুছেইনৰ । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, অসামাজিক কাৰ্যত বাধা দিয়াৰ অভিযোগত কণিষ্ঠ ভাতৃ ইমান আলী আৰু হুছেইন আলীৰ নেতৃত্বত কেইবাগৰাকী মহিলাৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত হয় জাকিৰ হুছেইন । আহত জাকিৰ হুছেইনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও আধবাটতে মৃত্যু হয় । ঘটনাস্থলীত লাহৰীঘাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ