
কোকৰাঝাৰ, ১৪ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ ৰূপচী চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল দুই অভিযুক্তক আটক কৰা হৈছে ।
আটক মূল অভিযুক্ত দুজন হৈছে ক্ৰমে- বিশ্বজিত ৰায় আৰু বিজয় ৰায় । অভিযুক্ত দুজন পলায়ন কৰাৰ সময়তে চাপৰৰ পৰা সোমবাৰে কালি নিশা আটক কৰে কাজিগাঁও আৰক্ষীয়ে ।
উল্লেখ্য যে- শনিবাৰে নিশা তিনি বন্ধুৱে মিলি কৰিছিল হাঁহৰ পাৰ্টি। পাৰ্টি চলি থকাৰ মাজতে কাজিয়াত লিপ্ত হৈছিল তিনিও । ৰঞ্জিত ৰায় নামৰ যুৱক জনক বিশ্বজিত ৰায় আৰু বিজয় ৰায়ে মৰিয়াই মৰিয়াই গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উঠিছে । আঘাতপ্ৰাপ্ত ৰঞ্জিত ৰায়ৰ ধুবুৰী মেডিকেল কলেজত মৃত্যু হয় । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকৰ এজাহাৰ ভিত্তিত অভিযুক্ত দুজনক আটক কৰে কাজিগাও আৰক্ষীয়ে । কাজিগাঁও আৰক্ষীয়ে অভিযুক্ত দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ