
গুৱাহাটী, ১৩ জুলাই(হি.স.)। গড়ভঙা সংৰক্ষিত বনাঞ্চললৈ ফুৰিবলৈ গৈ নিৰুদ্দেশ হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ । গুৱাহাটীৰ ফটাশিল অঞ্চলৰ ২৫ বছৰীয়া যুৱক নিখিল ঝাই গড়ভঙা সংৰক্ষিত বনাঞ্চললৈ তেওৰ বন্ধুৰ সৈতে ফুৰিবলৈ গৈ নিৰুদ্দেশ হৈ থকাৰ পিছত আজি যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়।
উল্লেখ্য যে দেওবাৰে বন্ধুৰ সৈতে বনাঞ্চল পৰিদৰ্শন কৰিবলৈ ওলাই গৈছিল। প্ৰাৰম্ভিক খবৰ অনুসৰি তেওঁ দিনৰ ভাগত ঘৰৰ পৰা ওলাই আহিছিল যদিও তাৰ পিছৰ পৰা উভতি অহা নাই।
বন্ধু দেৱেশ আসোপা, পদম আসোপা আৰু অমন চেত্ৰীৰ সৈতে নিখিল গড়ভঙা সংৰক্ষিত বনাঞ্চললৈ গৈছিল। সকলো বন্ধু নিৰাপদে ঘূৰি অহাৰ সময়ত নিখিলৰ কোনো সন্ধান নোহোৱা হৈয়ে আছিল। আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ