বিলাসীপাৰাৰ হাজাৰীপাৰাত সতিনীক হত্যা মহিলাৰ
ধুবুৰী, ১৩ জুলাই (হি.স.)। বিলাসীপাৰাৰ হাজাৰীপাৰাত সতিনীক হত্যা মহিলাৰ। বিলাসীপাৰাৰ হাজাৰীপাৰাত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। গাঁৱখনৰ হাকিমুল কৰিমৰ দ্বিতীয় পত্নীক হত্যা কৰি মাটিৰ তলত পুতি ৰখা ঘটনাক লৈ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। উক্ত লো
বিলাসীপাৰাৰ হাজাৰীপাৰাত সতিনীক হত্যা মহিলাৰ


ধুবুৰী, ১৩ জুলাই (হি.স.)। বিলাসীপাৰাৰ হাজাৰীপাৰাত সতিনীক হত্যা মহিলাৰ। বিলাসীপাৰাৰ হাজাৰীপাৰাত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। গাঁৱখনৰ হাকিমুল কৰিমৰ দ্বিতীয় পত্নীক হত্যা কৰি মাটিৰ তলত পুতি ৰখা ঘটনাক লৈ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। উক্ত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাৰ সৈতে স্বামী হাকিমুল কৰিম আৰু ডাঙৰ পত্নী ফজিলা জড়িত থকাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে হত্যাৰ বুলি হোৱা ছাহেবা বিবিৰ পৰিয়ালে।

কি কাৰণত দ্বিতীয় পত্নীক হত্যা কৰি মাটিৰ তলত পুতি ৰাখিছে, সেয়া বৰ্তমান লৈ জানিৱ পৰা হোৱা নাই। স্বামী হাকিমুল কৰিমে এবছৰ পূৰ্বে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত দ্বিতীয় পত্নী সাহেবা বিবিৰ সৈতে বিবাহ পাষত আবদ্ধ হৈছিল।। হত্যাকাণ্ড সংঘটিত কৰি প্ৰথম পত্নী ফজিলা খাতুন আৰু স্বামী হাকিমুল কৰিম পলায়ন কৰে।

ঘটনাস্থলীত উপস্থিত হৈছে বিলাসীপাৰাৰ আৰক্ষী দল আৰু দণ্ডাদীশ। দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো গাতৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজত প্ৰেৰণ কৰে। লক্ষীগঞ্জৰ হাজাৰীপাৰাৰ উক্ত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাৰ সৈতে জড়িত সকলোৰে কঠোৰ শাস্তি দাবী কৰিছে ছাহেবাৰ পৰিয়াল তথা গাঁৱবাসীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande