তামুলপুৰৰ ভূটান সীমান্তৰ চেঁচাপানী,কাৰখেলা,শান্তিপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ
তামুলপুৰ, ১৩ জুলাই (হি.স.)। তামুলপুৰৰ ভাৰত– ভূটান সীমান্তৰ চেঁচাপানী,কাৰখেলা,শান্তিপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ। কেইবাটাও পৰিয়ালৰ বাসগৃহ,ঘৰৰ আচবাব ভাঙি লণ্ড ভণ্ড। হাতীয়ে খায় তহিলং কৰে ভড়ালৰ ধান,ভাঙি তচনচ কৰে তামোলবাৰী। নিশা প্ৰতিকূল বতৰৰ মাজতে বনৰীয়া
তামুলপুৰৰ ভূটান সীমান্তৰ চেঁচাপানী,কাৰখেলা,শান্তিপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ


তামুলপুৰ, ১৩ জুলাই (হি.স.)। তামুলপুৰৰ ভাৰত– ভূটান সীমান্তৰ চেঁচাপানী,কাৰখেলা,শান্তিপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ। কেইবাটাও পৰিয়ালৰ বাসগৃহ,ঘৰৰ আচবাব ভাঙি লণ্ড ভণ্ড। হাতীয়ে খায় তহিলং কৰে ভড়ালৰ ধান,ভাঙি তচনচ কৰে তামোলবাৰী। নিশা প্ৰতিকূল বতৰৰ মাজতে বনৰীয়া হাতীয়ে মানুহৰ ঘৰ ভঙাত কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ।

উল্লেখ্য যে খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাক দিনৰ পোহৰতে জনাঞ্চল তথা ৰাজপথলৈ ওলায় আহি ঘুৰি ফুৰাত আতংকিত হৈ পৰিছে সীমান্তৰ ৰাইজ ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande