
তেহৰাণ/ৱাশ্বিংটন, ১৩ জুলাই (হি.স.)। হৰমুজ জলদ্বীপক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত আধিপত্যৰ যুদ্ধই পুনৰবাৰ পশ্চিম এছিয়াৰ পৰিস্থিতি তীব্ৰতৰ কৰি তুলিছে। দক্ষিণ ইৰাণত নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে আমেৰিকাৰ সেনাই। বন্দৰ আব্বাছ, ছিৰিক, জাস্কৰ দৰে বন্দৰ চহৰৰ লগতে কেছম দ্বীপতো শক্তিশালী বিস্ফোৰণৰ বাতৰি পোৱা গৈছে। ইয়াৰ এদিন পূৰ্বে আমেৰিকাৰ বাহিনীয়ে ইৰাণৰ কমেও ১৪০ টা লক্ষ্যত আক্ৰমণ চলাইছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে তেহৰানে বাহৰেইন, কুৱেইট, ওমান, কাটাৰ, জৰ্ডানত প্ৰত্যাক্ৰমণমূলক আক্ৰমণ চলায়।
চিএনএন, আল জাজিৰা আৰু ইৰনাৰ পৰা পোৱা বাতৰি অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে হৰমুজ জলদ্বীপ মুকলি কৰা হৈছে। ইৰাণৰ পাৰস্য উপসাগৰীয় জলদ্বীপ কৰ্তৃপক্ষই কয় যে স্থিতিশীলতা আৰু শান্তি ঘূৰাই নোপোৱালৈকে ইয়াৰ মাজেৰে ট্ৰেনজিটৰ অনুমতি দিয়া নহ’ব।
এই সপ্তাহৰ শেষৰ ফালে আৰম্ভ হোৱা শেহতীয়া সংঘৰ্ষই দুয়োখন দেশৰ মাজত কূটনৈতিক উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে।
মাৰ্কিন সেনাবাহিনীৰ এগৰাকী মুখপাত্ৰই কয় যে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে জলপথত আন এখন বাণিজ্যিক জাহাজ আক্ৰমণ কৰাৰ ফলত শেহতীয়াকৈ আক্ৰমণ সংঘটিত হয়। আমেৰিকাৰ মিত্ৰ দেশসমূহে সপ্তাহৰ শেষৰ ফালে ইৰাণৰ আক্ৰমণৰ সন্মুখীন হোৱা বুলি কয়। এই দেশসমূহৰ ভিতৰত কুৱেইট, ওমান, জৰ্ডান, সংযুক্ত আৰব আমিৰশ্বাহী আদি। আমেৰিকাই দাবী কৰিছে যে আই আৰ জি চিয়ে হৰমুজ জলদ্বীপত জাহাজত গুলীচালনা অব্যাহত ৰাখিছে।
আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুখপাত্ৰ কেপ্তেইন টিম হকিন্সে কয় যে ইৰাণৰ এটা ক্ৰুজ মিছাইল আৰু একক বেৰেল আক্ৰমণকাৰী ড্ৰোন নিক্ষেপ কৰা হৈছে। তেওঁ কয় যে আমেৰিকাৰ এই আক্ৰমণৰ লক্ষ্য ইৰাণৰ সামৰিক সামৰ্থ্য দুৰ্বল কৰা। ইৰাণৰ খুজেস্তান প্ৰদেশৰ ডেপুটি গৱৰ্ণৰ ভেলিওল্লাহ হায়াতিয়ে কয় যে আজি পুৱা মাহশ্বহৰৰ এখন ফাৰ্মৰ জলসিঞ্চন পাম্প ষ্টেচনত ক্ষেপণাস্ত্ৰই আঘাত হানি এজন লোক নিহত হোৱাৰ লগতে চাৰিজন লোক আহত হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া