
দেশত প্ৰথম স্থান লাভ কৰিলে অসমে
গুৱাহাটী, ১৩ জুলাই (হি.স.)। বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু আজীৱিকা মিছন (গ্ৰামীণ) চমুকৈ ভিবি-জি ৰাম জি ৰ ৰূপায়ণত অসমে এক ৰাষ্ট্ৰীয় মাইলৰ খুঁটি স্থাপন কৰিছে। এই আঁচনিৰ অধীনত ফাণ্ড ট্ৰান্সফাৰ অৰ্ডাৰ (এফ টি অ) সৃষ্টি কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে অসমে ইতিহাস ৰচিছে।ইয়াৰ লগতে, জব কাৰ্ডধাৰী শ্ৰমিকসকললৈ সময়মতে মজুৰি পৰিশোধ, যোগানধাৰকসকললৈ সামগ্ৰী বাবদ ধন পৰিশোধ আৰু প্ৰশাসনিক ব্যয়ৰ ধন পৰিশোধ সফলভাৱে সম্পন্ন কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপেও অসমে আন এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে।
কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱ ৰাজ সিং চৌহান আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ডিব্ৰুগড় জিলাৰ টিং খং উন্নয়ন খণ্ডৰ নিৰ্বাচিত গাঁৱত আঁচনিৰ ধনৰ মঞ্জুৰী আৰু আবণ্টন প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিছিল। চাৰিটা মূল বিষয়ত গুৰুত্ত্ব দি সফলতাৰে আগুৱাই নিয়া হৈছে এই আঁচনি। ১২৫ দিনৰ কৰ্মৰ নিশ্চিত কৰি উপাৰ্জনৰ দিশত নিশ্চয়তা প্ৰদান কৰা হৈছে। হিতাধিকাৰীৰ বাবে গ্ৰামীণ ৰোজগাৰ কাৰ্ড প্ৰদান কৰাৰো নিশ্চিত কৰা হৈছে। প্ৰণালীবদ্ধ স্বচ্ছতাৰে ই-কে ৱাই চি প্ৰক্ৰিয়াৰ বিলুপ্তি ঘটাই দ্ৰুত আৰু প্ৰত্যক্ষ মজুৰি প্ৰদানৰ ব্যবস্থা কৰা হৈছে এই আঁচনিৰ জৰিয়তে।
মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত অসমে ইতিমধ্যেই কিউ আৰ সংলগ্ন স্মাৰ্ট কাৰ্ড প্ৰৱৰ্তন কৰি স্বচ্ছ ৰূপত সফল ভাবে সেৱা প্ৰদানৰ ব্যৱস্থা কৰিছে। এই স্মাৰ্ট কাৰ্ড সমূহে নিয়োগ পৰিসংখ্যা, ৰিয়েল টাইম ট্ৰেকিং, ক্ষিপ্ৰতাৰে তথ্য পৰীক্ষণ, দায়বদ্ধতা ৰক্ষা সম্ভৱ কৰি তুলিছে। সমগ্ৰ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা সময় বহু পৰিমাণে হ্ৰাস কৰিছে।গ্ৰামাঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়ন, জল সুৰক্ষা , কৰ্ম স্থলীত প্ৰাৰ্থমিক চিকিৎসা আদিৰ সুচল ব্যৱস্থা কৰা হৈছে এই আঁচনিৰ অধীনত।পুখুৰী আদি খন্দাৰ লগতে বাট পথ নিৰ্মাণৰ ব্যৱস্থা কৰাও এই আঁচনিৰ অন্যতম উদেশ্য।ৰূপায়ণৰ বাবে হাতত লোৱা গৰিষ্ঠ সংখ্যক কাম প্ৰত্যক্ষ ভাবে গাঁও পঞ্চায়তৰ জৰিয়তে সম্পন্ন হ'ব। এইদৰেই গ্ৰামাঞ্চল আৰু গঞা ৰাইজৰ উন্নয়নেৰে দেশক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ প্ৰয়াস চলিছে ভিবি-জি ৰাম জি আঁচনিৰ জৰিয়তে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী