মৌলিক সা–সুবিধাৰ পৰা বঞ্চিত জোনাইৰ কৰৈবাৰী গাঁওবাসী
শিক্ষা, স্বাস্থ্য, খোৱা পানী আৰু পথ-ঘাটৰ সুবিধাৰ পৰা আজিও বঞ্চিত আঠ শতাধিক পৰিয়াল।
মৌলিক সা–সুবিধাৰ পৰা বঞ্চিত জোনাইৰ কৰৈবাৰী গাঁওবাসী


যান্ত্ৰিকতাৰ এই যুগতো যেন জীৱন কটাইছে আদিম যুগৰ দৰে ।

ধেমাজি, ১৩ জুলাই (হি.স.): উন্নয়নৰ ঢৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰাৰ দাবীৰ মাজতে জোনাই বিধানসভা সমষ্টিৰ তেলেম গাঁও পঞ্চায়তৰ অন্তৰ্গত কৰৈবাৰী গাঁওখন যেন আজিও সময়ৰ সোঁতত পিছপৰি ৰৈছে । প্ৰায় তিনিটা দশক ধৰি গাঁওখনত বসবাস কৰি অহা আঠ শতাধিক পৰিয়ালে আজিও শিক্ষা, স্বাস্থ্য, বিশুদ্ধ খোৱা পানী আৰু যোগাযোগ ব্যৱস্থাৰ দৰে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ দুৰ্ভোগময় জীৱন কটাবলগীয়া হৈছে ।

গাঁওখনত এখন অংগনাবাড়ী কেন্দ্ৰৰ কথা বাদেই, নাই কোনো শিক্ষানুষ্ঠান । ফলত শিক্ষাৰ জীৱনৰ প্ৰথম খোজ পেলাবলৈ কণ-কণ শিশুসকলে প্ৰতিদিনে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলৱে লাইন পাৰ হৈ প্ৰায় ১০ কিলোমিটাৰ দূৰৰ বিদ্যালয়লৈ যাবলগীয়া হয়। জীৱনৰ আশংকা বুকুত বান্ধি শিশুসকলৰ এই দৈনিক যাত্ৰাই অভিভাৱকসকলক চিন্তিত কৰি তুলিছে । ইয়াৰ লগতে গাঁওখনত নাই বিশুদ্ধ খোৱা পানীৰ কোনো স্থায়ী ব্যৱস্থা, নাই জৰুৰীকালীন স্বাস্থ্য সেৱা কেন্দ্ৰ । যাৰ ফলত সামান্য বেমাৰটো চিকিৎসাৰ বাবে বহু দূৰলৈ যাবলগীয়া হোৱাত জৰুৰী মুহূৰ্তত ৰাইজে চৰম দুৰ্ভোগৰ সন্মুখীন হয়।

আনহাতে, গাঁওখনত পকী পথ বুলিবলৈ নাই একোৱেই । আজিও আদিম যুগৰ দৰে বোকা পানী গচকি কটাবলগীয়া হৈছে জীৱন । পকী পথৰ অভাৱত বিদ্যালয়লৈ যোৱা কণ কণ ছাত্ৰ-ছাত্ৰী, ৰোগী, গৰ্ভৱতী মহিলা তথা সাধাৰণ ৰাইজে বছৰৰ পিছত বছৰ ধৰি অতিবাহিত কৰি আহিছে দুৰ্ভিক্ষৰ জীৱন লৈ । ডিজিটেল ভাৰত আৰু উন্নয়নৰ বহু প্ৰতিশ্ৰুতিৰ যুগতো জোনাইৰ কৰৈবাৰী গাঁওখনৰ বাস্তৱ ছবিখনে যেন বহু কথা উদঙাই দিয়ে । মৌলিক চৰকাৰী সুবিধাৰ অভাৱত গাঁওবাসীয়ে আজিও বহু ক্ষেত্ৰত আদিম যুগৰ দৰে জীৱন নিৰ্বাহ কৰি আছে। সেয়ে দীৰ্ঘদিনীয়া এই সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে চৰকাৰে শীঘ্ৰে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছে গাঁওখনৰ ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande