
শিৱসাগৰ, ১৩ জুলাই (হি.স.)। শিৱসাগৰ জিলাৰ নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ সমীপৰ ঐতিহাসিক খৰিকটীয়া আলিৰ কাষত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী পৰিৱেশ।
বৰ্তমানৰ প্ৰদূষিত পৰিৱেশ আৰু গোলকীয় উষ্ণতা ৰোধ কৰাৰ উদ্দেশ্যে অঞ্চলটোৰ সচেতন ৰাইজে নামি পৰিল গছপুলি ৰোপন কৰাত৷
বৃক্ষবন্ধু সমাজ নামতি চাৰি আলি উদ্যোগত আৰু নামতি প্ৰেছ ক্লাবৰ সক্ৰিয় সহযোগত এই বৃহৎ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
গছপুলি ৰোপনৰ পূৰ্বে পৰিৱেশ সংৰক্ষণৰ বাবে সমাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন বিশেষ সভা অনুষ্ঠিত হয়।
নামতি প্ৰেছ ক্লাবৰ সভাপতি ৰাতুল শৰ্মাই আঁত ধৰা এই সভা খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মেজেঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দ্ৰোৰ্ণকান্ত বৰুৱা।
তেও গছপুলি ৰোপন কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি প্ৰতিগৰাকী নাগৰিককে পৰিৱেশ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়
সভাৰ শেষত সকলোৱে মিলি ঐতিহাসিক খৰিকটীয়া আলিৰ কাষত বিভিন্ন প্ৰজাতিৰ মূল্যবান আৰু ছাঁ দিয়াৰ উদ্দেশ্যৰে গছৰ পুলি ৰোপন কৰে
কেৱল ৰোপন কৰাই নহয়, গছপুলি সমূহ সুৰক্ষিতভাৱে প্ৰতিপালন কৰাৰ বাবেও উদ্যোক্তা সকলে বিশেষ গুৰুত্ব আৰোপ কৰে।
আনহাতে, দুয়োটা সংগঠনৰ এই যৌথ প্ৰচেষ্টাক এতিয়া সমগ্ৰ নামতি অঞ্চলে ভূয়সী প্ৰশংসা কৰিছে
নিশ্চয়কৈ, কেৱল গছপুলি ৰোপন কৰিলেই নহ’ব, তাক প্ৰতিপালন কৰাটো আমাৰ দায়িত্ব
বৃক্ষবন্ধু সমাজ নামতি চাৰি আলি আৰু নামতি প্ৰেছ ক্লাবৰ এই প্ৰচেষ্টাই সকলোকে অনুপ্ৰাণিত কৰিব বুলি আমাৰ আশা৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা