
প্ৰাইম ভিডিঅ'ৰ আগন্তুক কমেডী-ড্ৰামা ধাৰাবাহিক আদৰ্শ বাল বিদ্যালয়ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। ট্ৰেইলাৰটোত চৰকাৰী বিদ্যালয়ৰ এক মনোমোহা আৰু আৱেগিক কাহিনী চিত্ৰিত কৰা হৈছে, য’ত হাস্যৰস, প্ৰত্যাহ্বান আৰু প্ৰেৰণাৰ এক অনন্য মিশ্ৰণ আগবঢ়োৱা হৈছে। অভিনেতা কে.কে. মেননে জ্ঞানেশ্বৰ ত্ৰিপাঠীৰ চৰিত্ৰত অভিনয় কৰিছে, যি এজন মজাপ্ৰেমী প্ৰধান শিক্ষক যিয়ে নিজৰ বিদ্যালয়খনক ৰূপান্তৰিত কৰাৰ সপোন দেখিছে।
ট্ৰেইলাৰত দেখুওৱা হৈছে যে কেনেকৈ দিল্লীৰ শ্ৰেষ্ঠ প্ৰধান শিক্ষকসকলৰ বাবে কেম্ব্ৰিজৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বিষয়ে জানিব পাৰি জ্ঞানেশ্বৰ ত্ৰিপাঠীয়ে নিজৰ অসুস্থ চৰকাৰী বিদ্যালয়খনক ৰূপান্তৰিত কৰাৰ সংকল্প লয়। তাৰ পাছৰ হাস্যৰসময়ী পৰিঘটনা, দুষ্ট ল’ৰা-ছোৱালীৰ দুষ্টামি, আৱেগিক মুহূৰ্তবোৰে গ্ৰিপিং কাহিনীটোক আৰু অধিক জোৰদাৰ কৰি তুলিছে।
২৪ জুলাইৰ পৰা প্ৰাইম ভিডিঅ’ত প্ৰচাৰ হ’ব সাতটা খণ্ডৰ এই ধাৰাবাহিকখন। হিমংক গৌৰৰ পৰিচালিত এই কাহিনী ৰচনা কৰিছে বিশ্বপতি সৰকাৰ আৰু অক্ষয় আস্থানে। পৰিচালকগৰাকীৰ মতে, ধাৰাবাহিকখনৰ কাহিনী স্কুলীয়া জীৱনৰ বাস্তৱ স্মৃতি আৰু অভিজ্ঞতাৰ পৰা অনুপ্ৰাণিত, যাৰ ফলত দৰ্শকে সহজেই সম্পৰ্ক স্থাপন কৰিব পাৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ