
যোৰহাট, ১৩ জুলাই (হি.স.)। অবিৰত বৰষুণৰ ফলত বৃদ্ধি পোৱা জলস্তৰৰ বাবে আজি পুৱতি নিশা ভাঙিলে টীয়কৰ পুঠি নদীৰ ৰিংবান্ধ l ইয়াৰ ফলত পানী সোমাই আহি প্লাৱিত কৰিলে বলমা অঞ্চলৰ বহুকেইখন গাঁও l বাঢ়নী পানীৰ ফলত পশুধনসমূহ আক্ৰান্ত হোৱাৰ লগতে কঠীয়াতলি, বামখেতি সকলো বুৰাই পেলাইছে l অঞ্চলটোৰ প্ৰায় ৫/৬ খন গাঁও জলমগ্ন হৈ পৰে । বহু হেক্টৰ কৃষিভূমি পানীৰ তলত বুৰ গৈছে l
উল্লেখ্য় যে খৰালী ৰিং বান্ধটো মেৰামতি নকৰাৰ ফলত সৃষ্টি হয় এই জল প্ৰলয়ৰ l প্ৰতিবাৰে বাৰিষা কালত বলমা অঞ্চলত সৃষ্টি হয় এই পৰিবেশ l সেয়ে এইবাৰ অন্তত স্থায়ী সমাধান বিচাৰিছে ৰাইজে l
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু