
চৰাইদেউ, ১৩ জুলাই (হি.স.)। সোণাৰিৰ কাষৰীয়া ৪ নং গোৱালাপথাৰ গাওঁত কালি নিশা এদল বন্দুকধাৰী নগা দুৰ্বৃত্তই সন্ত্ৰাস চলোৱাৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশা প্ৰায় ১২ বজাত কাষৰীয়া নগালেণ্ডৰ সীমান্ত অতিক্ৰম কৰি গাঁও খনত প্ৰৱেশ কৰা নগা দুৰ্বৃত্তৰ দলটোৱে বামানো কলিন্দিৰ ঘৰ ঘেৰাও কৰি এক সন্ত্ৰাস সৃষ্টি কৰে।
গাঁও খনত নগাই প্ৰবেশ কৰাৰ খবৰ পাই শতাধিক গঞাঁ ৰাইজ ওলাই আহি চিঞৰ বাখৰ কৰাত নগা দুৰ্বৃত্তৰ দলটো নগালেণ্ড অভিমুখে পলায়ন কৰে। নিশা সন্ত্ৰস্ত হৈ থকা ৰাইজে কাষৰীয়া খেৰবাৰি বন শিবিৰলৈ আহি নিৰাপত্তা বিচাৰে যদিও বন কৰ্মীৰ দলটোৰ পৰা কোনো সঁহাৰি নাপাই ক্ষুব্ধ হৈ পৰে। ইয়াকে লৈ আজি পুৱা গাঁও খনৰ শতাধিক পুৰুষ মহিলা ওলাই আহি খেৰবাৰী বন শিবিৰ ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি বন কৰ্মী সকলৰ সৈতে হতাহতিত লিপ্ত হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা