
দক্ষিণ শালমাৰা, ১৩ জুলাই (হি.স.)। হাটশিঙিমাৰীৰ মানজেলিৰ চৰত ৬ দিনীয়া নৱজাতকৰ মৃতদেহ উদ্ধাৰ, চাঞ্চল্য
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত মানজেলিৰ চৰত ৬ দিনীয়া নৱজাতক এটাৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, মানজেলিৰ চৰৰ বাসিন্দা হোছেইন আহমেদৰ ৬ দিনীয়া পুত্ৰ সহ মাতৃ আৰু আইতাই দেওবাৰে নিশা ঘৰত শুই আছিল আৰু একেটা ঘৰৰ আন এটা কোঠাত শুই আছিল দেউতা হোছেইন আহমেদ ৷
নিশা প্ৰায় ১১ বজাত আইতাক গৰাকী টোপনিৰ পৰা সাৰ পাই দেখে বিছনাত শিশুটো নাই ৷ তাৰ পিছত দেৱ শিশুটিক বিচাৰি পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ পৰিয়ালৰ লোকে সমগ্ৰ নিশা বিভিন্ন স্থানত বিচাৰ-খোচাৰ চলায়।
সোমবাৰে পুৱা প্ৰায় ৫ বজাত ঘৰৰ ওচৰত থকা এটা পুখুৰীৰ পাৰত নৱজাতকটোৰ মৃতদেহ উদ্ধাৰ হয়। উক্ত ঘটনাৰ পিছতে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত শোক আৰু উত্তেজনাৰ পৰিৱেশ বিৰাজ কৰে ।
উক্ত ঘটনাৰ খবৰ লাভ কৰে সুখচৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত দিনৰ প্ৰায় ১২ বজাত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ।
ইফালে, পৰিয়ালৰ লোকে নৱজাতকটোক কোনো দুস্কৃতিকাৰীয়ে অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ'ব।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা