
চৰাইদেউ, ১৩ জুলাই (হি.স.)। সোণাৰিত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ অৱস্থান-বিক্ষোভ কাৰ্যসূচী।
চৰাইদেউ জিলাৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত আজি সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই সোণাৰিত এক অৱস্থান-বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ, আন্তঃৰাজ্যিক সীমা সমস্যা সমাধান, বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদামৰ উন্নয়ন, ঐতিহাসিক স্থানসমূহৰ সংৰক্ষণ, শিক্ষানুষ্ঠান সমূহত খালী শিক্ষক-কৰ্মচাৰীৰ পদ পূৰণ, জিলা পৰ্যায়ৰ কাৰ্যালয় স্থাপন, আন্তঃগাঁথনি উন্নয়ন, ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধান, জৰাজীৰ্ণ পথ পুনৰ নিৰ্মাণ আৰু দিচাং নদীৰ ওপৰত নিৰ্মীয়মাণ দুয়োখন দলং শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰে সংগঠনটোৱে।
এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞা, ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰশান্ত দত্তৰ লগতে শতাধিক ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা