আগমনিৰ কাঠলতলীত ৰাজহ কৰ ফাকিৰে চলিছে চোৰাং শিল, বালিৰ অবৈধ ৰমৰমীয়া ব্যৱসায়
ধুবুৰী, ১৩ জুলাই (হি.স.)। আগমনিৰ কাঠলতলীত ৰাজহ কৰ ফাকিৰে চলিছে চোৰাং শিল বালিৰ অবৈধ ৰমৰমীয়া ব্যৱসায়। প্ৰত্যক দিনা শ শ ট্ৰাক, ডাম্পাৰ আৰু ট্ৰেক্টৰৰে চলিছে চোৰাং শিল বালিৰ ব্যৱসায়। আজিয়ো ৰাজহ কৰ ফাকিৰে বালি কঢ়িওৱা দুখন ডাম্পাৰ জব্দ কৰে হালাকুৰা
আগমনিৰ কাঠলতলীত ৰাজহ কৰ ফাকিৰে চলিছে চোৰাং শিল, বালিৰ অবৈধ ৰমৰমীয়া ব্যৱসায়


ধুবুৰী, ১৩ জুলাই (হি.স.)। আগমনিৰ কাঠলতলীত ৰাজহ কৰ ফাকিৰে চলিছে চোৰাং শিল বালিৰ অবৈধ ৰমৰমীয়া ব্যৱসায়। প্ৰত্যক দিনা শ শ ট্ৰাক, ডাম্পাৰ আৰু ট্ৰেক্টৰৰে চলিছে চোৰাং শিল বালিৰ ব্যৱসায়। আজিয়ো ৰাজহ কৰ ফাকিৰে বালি কঢ়িওৱা দুখন ডাম্পাৰ জব্দ কৰে হালাকুৰা আৰক্ষীয়ে। আটক কৰা ডাম্পাৰ দুখনৰ নম্বৰ ডব্লিউ বি ৬৩বি / ৬৬১০ আৰু ডব্লিউ বি ৬৩ বি / ৪৮৩৭ ।

আৰক্ষীয়ে ডাম্পাৰ দুখন জব্দ কৰিছে যদিও গোপন বুজা বুজিৰ মাধ্যমত বন বিভাগক অৱগত নকৰাকৈ মুকলি কৰি দিয়ে ডাম্পাৰ দুখন । উল্লেখ্য যে গংগাধৰ নৈৰ পাৰৰ মহল সমুহ জনৈক ৰাভা নামৰ এজন ব্যাক্তিয়ে সাত বছৰৰ বাবে লেছী হিচাপে লাভ কৰে। কিন্তু ৰাভাই একাংশ দালালৰ হতুৱাই মহল সমুহ চলাই থকা পৰিলক্ষিত হৈছে। এই দালাল সমুহে কোনো ধৰনৰ ৰয়েল্টিৰ ৰছিদ প্ৰদান নকৰি অবৈধ ধন সংগ্ৰহ কৰি আহিছে।

ফলত ৰাজ্য চৰকাৰে প্ৰত্যক দিনা বৃহৎ পৰিমাণৰ ৰাজহ কৰ সংগ্ৰহৰ পৰা বঞ্চিত হৈ আহিছে। দাদাল চক্ৰটোবে বালি আৰু শিল কঢ়িওৱা ট্ৰাক, ডাম্পাৰ আৰু ট্ৰেক্টৰ সমুহক ৰয়েল্টিৰ ৰছিদ প্ৰদান নকৰি অবৈধ ধন সংগ্ৰহ কৰি আহিছে। অবৈধ ধন সংগ্ৰহৰ বাবে কাঠলতলী বজাৰৰ কাষতে এখন অস্থায়ী কাৰ্যালয় নিৰ্মাণ কৰি শিল বালি কঢ়িওৱা বাহন সমুহৰ পৰা অবৈধ ধন সংগ্ৰহ কৰি আহিছে। এইদৰে অবৈধ ধন সংগ্ৰহৰ পিছতো ধুবুৰী আৰু ছাগলীয়া বন বিভাগে ৰহস্যজনক ভাবে নিৰৱ ভূমিকা পালন কৰাৰ অভিযোগ উঠিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande