
অভিনেতা ছলমান খানৰ বহু প্ৰত্যাশিত ছবি “মাতৃভূমি: মে ৱাৰ ৰেষ্ট ইন পিছ” মুক্তিৰ বাবে অনিশ্চয়তা অব্যাহত আছে। মূলতঃ আগষ্ট মাহত থিয়েটাৰত মুক্তি পাবলগীয়া ছবিখনৰ এই বছৰ মুক্তিৰ সম্ভাৱনা অতি কম যেন লাগে। প্ৰতিবেদনসমূহে ইংগিত দিয়ে যে বাকী থকা সমস্যাৰ বাবে ইয়াৰ মুক্তি অহৰহ পলম হৈ আহিছে।
খবৰ অনুসৰি ছবিখন মুক্তিৰ বাবে প্ৰচেষ্টা অব্যাহত আছে যদিও বৰ্তমানৰ সমস্যাসমূহ যদি সোনকালে সমাধান নহয় তেন্তে ২০২৭ চনলৈ পিছুৱাই দিয়া হ’ব পাৰে। সূত্ৰই জনোৱা মতে, এই বিবাদ ক্ষিপ্ৰতাৰে সমাধান হ’লেও উপযুক্ত মুক্তিৰ তাৰিখ বিচাৰি উলিওৱাটো কঠিন হ’ব, কিয়নো বেছিভাগ মূল তাৰিখ ইতিমধ্যে বুকিং কৰা হৈছে। খবৰ আহিছে যে ছলমান খানে আন ডাঙৰ ডাঙৰ ছবিৰ সৈতে বক্স অফিচত সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ পছন্দ কৰে, আৰু সেয়েহে, খৰখেদাকৈ মুক্তিৰ সিদ্ধান্ত লোৱা নহ’ব।
প্ৰতিবেদনত লগতে দাবী কৰা হৈছে যে যদিহে মাতৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃভূমি অহা বছৰলৈ পিছুৱাই দিয়া হয় তেন্তে ২০২৭ চনত মুক্তি পাব পাৰে ছলমান খানৰ দুখন ডাঙৰ ছবিৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃৃ ।অভিনেত্ৰী নয়ন্তৰাও অভিনয় কৰা তেওঁৰ দ্বিতীয়খন ছবি এছভিচি৬৩ ২০২৭ চনৰ ঈদত মুক্তি পোৱাৰ কথা জানিব পৰা গৈছে।
অপূৰ্ব লখিয়াৰ পৰিচালনাত নিৰ্মিত মাত্ৰুভূমি: মে ৱাৰ ৰেষ্ট ইন পিছ ২০২০ চনত ভাৰত আৰু চীনৰ মাজত হোৱা গালৱান উপত্যকাৰ সংঘৰ্ষৰ পটভূমিত নিৰ্মাণ কৰা হৈছে। খবৰ পোৱা গৈছে যে ছবিখনৰ বিষয়বস্তু সন্দৰ্ভত উত্থাপিত আপত্তিৰ বাবেই এতিয়াও চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যন (চিবিএফচি)ৰ পৰা চূড়ান্ত প্ৰমাণপত্ৰ লাভ কৰা নাই। গতিকে চেন্সৰশ্বিপ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে ছবিখনৰ মুক্তিৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ