
ওদালগুৰি, ১৩ জুলাই (হি.স.)। ওদালগুৰিত চুৰি কাণ্ডত মুঠ চাৰিজন গ্ৰেপ্তাৰ। ওদালগুৰি আৰক্ষীৰ অভিযানত দুই অভিযুক্ত চোৰ গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ বিশাল তাঁতী ওৰফে পিস্কো (২১)। গ্ৰেপ্তাৰ আবিজা বাগলাৰী (২৩)। চুৰিৰ অভিযোগত দুয়োকে গ্ৰেপ্তাৰ আৰক্ষীৰ। চুৰি কাণ্ডৰ তদন্তত পোহৰলৈ আহে নতুন তথ্য।
চোৰৰ পৰা চুৰি সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগ। চুৰি সামগ্ৰী ক্ৰয়ৰ অভিযোগত আন দুজন গ্ৰেপ্তাৰ।গ্ৰেপ্তাৰ হেমন্ত তাঁতী (২৭)।গ্ৰেপ্তাৰ চাহিদা খাতুন (৩৭)। চুৰি সামগ্ৰী গ্ৰহণ তথা ক্ৰয়ৰ অভিযোগ দুয়োৰে বিৰুদ্ধে।ওদালগুৰি থানাত ৫২/২৬ নম্বৰত গোচৰ ৰুজু। বিএনএছ ৰ ৩০৫(এ) ধাৰাৰ অধীনত গোচৰ। BNSৰ ৩১৭(২) ধাৰাও সংযোজন। বিএনএছ ৰ ৩৩১(৪) ধাৰাৰ অধীনতো গোচৰ। ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষীৰ তদন্ত অব্যাহত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ