
বৰপেটা। ১৩ জুলাই (হি.স.)। বজালীৰ সৰুপেটাৰ কাহাৰপাৰাত চুৰিকাণ্ড, প্ৰায় ৫.৫০ লাখ টকাৰ সামগ্ৰী লুট।বজালীৰ সৰুপেটা আৰক্ষী থানাৰ অন্তৰ্গত কাহাৰপাৰা গাঁৱৰ বাসিন্দা ধনঞ্জয় তালুকদাৰৰ বাসগৃহত সংঘটিত হোৱা এক চুৰিকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
চোৰে বাসগৃহত প্ৰৱেশ কৰি নগদ ধন, সোণৰ অলংকাৰ আৰু আন মূল্যৱান সামগ্ৰীসহ প্ৰায় ৫ লাখ টকাৰ সম্পত্তি লুটি লৈ যায়।ঘটনাৰ খবৰ পোৱাৰ লগে লগে সৰুপেটা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সৰুপেটা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ