
বৰপেটা, ১৩ জুলাই (হি.স.)।বৰপেটাৰোডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ: ছাত্ৰ ছাত্ৰী সকলৰ বাবে বাছ আৰু ই-ৰিক্সাৰ ভাড়াত ৰেহাইৰ দাবী।
ৰাজ্যজুৰি চলি থকা যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধিয়ে এতিয়া জুৰুলা কৰিছে বৰপেটাৰোডৰ সাধাৰণ ছাত্ৰ-ছাত্ৰীক। ১ জুলাইৰ পৰা জিলাখনৰ বিভিন্ন পথত বাছ আৰু ই-ৰিক্সাৰ ভাড়া বৃদ্ধি পোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ যাতায়াত ব্যৱস্থা প্ৰত্যাহ্বানজনক হৈ পৰিছে।
অহা ১ আগষ্টৰ পৰা শিক্ষানুষ্ঠানসমূহ পূৰ্ণগতিত আৰম্ভ হ'বলগীয়া সময়ত এই ভাড়া বৃদ্ধিয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ওপৰত অতিৰিক্ত বোজা পেলাব। এই সমস্যাৰ সমাধানৰ দাবীত আজি বৰপেটাৰোডৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰধান দাবী জনায় কয় ইউনিফৰ্ম পৰিধান কৰা আৰু বৈধ পৰিচয় পত্ৰ থকা ছাত্ৰ-ছাত্ৰীৰ বাবে বাছ তথা ই-ৰিক্সাত আধা ভাড়া বা ৰেহাইমূলক ভাড়া ব্যৱস্থা নিশ্চিত কৰিব লাগে বুলি দাবী জনায়।
পৰিবহণ বিভাগ আৰু বিভিন্ন পৰিবহণ সন্থাই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব লাগে।
প্ৰতিবাদী শিক্ষাৰ্থীসকলে সংশ্লিষ্ট কৰ্তৃপক্ষক অতি সোনকালে এই বিষয়ত এক ইতিবাচক পদক্ষেপ ল'বলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু