মৈৰাবাৰী বজাৰৰ মাজমজিয়াৰ পথক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া, বছৰজুৰি জলাবদ্ধ ৰাইজ।
মৰিগাঁও, ১৩ জুলাই (হি.স.)। মৈৰাবাৰী বজাৰৰ মাজমজিয়াত অৱস্থিত এটি গুৰুত্বপূৰ্ণ ব্যস্ত পথক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বজাৰৰ অতি ব্যস্ত এই পথটিত বছৰৰ বাৰ মাহে একাঠু পানী জমা হৈ থকাৰ ফলত দৈনন্দিন যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি
মৈৰাবাৰী বজাৰৰ মাজমজিয়াৰ পথক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া, বছৰজুৰি জলাবদ্ধ ৰাইজ।


মৰিগাঁও, ১৩ জুলাই (হি.স.)। মৈৰাবাৰী বজাৰৰ মাজমজিয়াত অৱস্থিত এটি গুৰুত্বপূৰ্ণ ব্যস্ত পথক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বজাৰৰ অতি ব্যস্ত এই পথটিত বছৰৰ বাৰ মাহে একাঠু পানী জমা হৈ থকাৰ ফলত দৈনন্দিন যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। বিশেষকৈ মাছ মহল, শাক-পাচলি মহল তথা অন্যান্য ব্যৱসায়িক স্থানৰ পৰা ওলাই অহা আবৰ্জনা, নিষ্কাশিত সামগ্ৰী আৰু নলা-নৰ্দমাৰ পানী পথটোৰ ওপৰত জমা হৈ থকাৰ ফলত পৰিৱেশ অস্বাস্থ্যকৰ হৈ পৰিছে।

দুৰ্গন্ধময় পৰিৱেশৰ মাজেৰে ব্যৱসায়ী, গ্ৰাহক আৰু সাধাৰণ ৰাইজে প্ৰতিদিনে যাতায়াত কৰিবলৈ বাধ্য হ'ব লগা হৈছে।বজাৰৰ ব্যৱসায়ীসকলৰ লগতে পথটোৰ কাষত বসবাস কৰা স্থানীয় বাসিন্দাসকলে বছৰ বছৰ ধৰি এই সমস্যাৰ সন্মুখীন হৈ আহিছে। তেওঁলোকৰ মতে, এই জলাবদ্ধতাই জনজীৱন দুৰ্বিষহ কৰি তুলিছে আৰু ই একপ্ৰকাৰ যমৰ যাতনাত পৰিণত হৈছে।স্থানীয় বিধায়ক আছিফ নাজাৰৰ প্ৰতি ৰাইজে আহ্বান জনাইছে যে, পথটো অতি শীঘ্ৰে মেৰামতি কৰাৰ লগতে স্থায়ীভাৱে পানী নিষ্কাশনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে দীৰ্ঘদিনীয়া এই সমস্যাৰ সমাধান হয়।ইফালে, পথটোৰ দুয়োকাষে একাংশ লোকে অবৈধভাৱে গৃহ নিৰ্মাণ কৰাৰ ফলতো পানী নিষ্কাশনৰ স্বাভাৱিক ব্যৱস্থা বাধাগ্ৰস্ত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।সেয়ে, পথটোৰ দুয়োকাষে পানী ওলাই যোৱাৰ সঠিক ব্যৱস্থা কৰাৰ লগতে পথটো শীঘ্ৰে সংস্কাৰ আৰু মেৰামতি কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু স্থানীয় বিধায়কক আহ্বান জনাইছে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande