ধুবুৰীত ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামৰে পথ নামাকৰণৰ বিৰোধিতা
ধুবুৰী, ১৩ জুলাই (হি.স.)। ব্ৰিটিছৰ দিনৰ নাম এ,এম,কো,ৰোড সলনি কৰি নতুনকৈ নামাকৰণ কৰা ড° শ্যামা প্ৰসাদ মুখাৰ্জী ৰোড়ৰ নামক লৈ বিৰোধীতা ধুবুৰী এ,এম,কো ৰোড ঐতিহ্য সৰুক্ষা কমিটিৰ৷ অসমত শ্যামা প্ৰসাদ মুখাৰ্জীৰ কোনোধৰণৰ অৱদান নাই সেয়েহে পুৰণি নাম বাহাল ৰ
ধুবুৰীত ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামৰে পথ নামাকৰণৰ বিৰোধিতা


ধুবুৰী, ১৩ জুলাই (হি.স.)। ব্ৰিটিছৰ দিনৰ নাম এ,এম,কো,ৰোড সলনি কৰি নতুনকৈ নামাকৰণ কৰা ড° শ্যামা প্ৰসাদ মুখাৰ্জী ৰোড়ৰ নামক লৈ বিৰোধীতা ধুবুৰী এ,এম,কো ৰোড ঐতিহ্য সৰুক্ষা কমিটিৰ৷

অসমত শ্যামা প্ৰসাদ মুখাৰ্জীৰ কোনোধৰণৰ অৱদান নাই সেয়েহে পুৰণি নাম বাহাল ৰখাৰ দাবী৷ প্ৰয়োজনত ৰাষ্ট্ৰপতি,প্ৰধান মন্ত্ৰীৰ ওচৰলৈ যাব ধুবুৰী এ,এম,কো ৰোড ঐতিহ্য সৰুক্ষা কমিটিয়ে তথাপিও মানি নলয় কমিটি তথা স্থানীয় ৰাইজে। আজি উক্ত অঞ্চলৰ ৰাইজৰ উপস্থিতিত হোৱা বৈঠকত কেইবাটাও সিদ্ধান্ত লোৱা হয়।

উল্লেখ যোগ্য যে কিছুদিন পুৰ্বেই ধুবুৰীত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল। উপস্থিত হৈ ব্ৰিটিছৰ দিনত ঐতিহাসিক অসম মেচ কোম্পানীৰ নামেৰে নামাকৰণ কৰা হৈছিল ১৯২৫ চনত। হঠাৎ ঐতিহাসিক এ,এম,কো ৰোড় নামৰ সলনি ড° শ্যামা প্ৰসাদ মুখাৰ্জী ৰোড়ৰে নামাকৰণ কৰা বিষয়টো মানি নলয় স্থানীয় ৰাইজ তথা ধুবুৰী এ,এম,কো ৰোড ঐতিহ্য সৰুক্ষা কমিটিয়ে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande