
নতুন দিল্লী, ১৩ জুলাই (হি.স.)। কাটাৰৰ প্ৰাক্তন আমিৰ শ্বেইখ হামাদ বিন খলিফা আল থানীৰ মৃত্যুৰ পিছত ঘোষণা কৰা এদিনীয়া ৰাষ্ট্ৰীয় শোক দিৱস উপলক্ষে সোমবাৰে দিল্লীৰ সকলো চৰকাৰী ভৱনত অৰ্ধ নমিত কৰি জাতীয় পতাকা উৰুওৱা হয়। ৰাষ্ট্ৰপতি ভৱন, সংসদ ভৱন, সংবিধান গৃহ, উত্তৰ ব্লক, দক্ষিণ ব্লককে ধৰি গুৰুত্বপূৰ্ণ প্ৰশাসনিক ভৱনসমূহত জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে যে ভাৰতে কাটাৰৰ প্ৰাক্তন আমিৰগৰাকীৰ সন্মানত ৰাষ্ট্ৰীয় শোক দিৱস পালন কৰি আছে, ৰাষ্ট্ৰীয় পতাকা অৰ্ধ নমিত হৈ আছে। শোক প্ৰকাশ কৰি কৃষি ভৱন, ৰে’ল ভৱন, বায়ুসেনা ভৱন, সেৱা তীৰ্থ কমপ্লেক্সকে ধৰি অন্যান্য চৰকাৰী ভৱনতো পতাকা অৰ্ধনমিত কৰি ৰখা হয়।
উল্লেখযোগ্য যে যোৱা ১২ জুলাইৰ দিনা ৭৪ বছৰ বয়সত শ্বেখ হামাদৰ মৃত্যু হয়। তেওঁ কাটাৰত ফাদাৰ আমিৰ হিচাপে পৰিচিত আছিল। ১৯৯৫ চনত ক্ষমতা দখল কৰি ১৮ বছৰ দেশৰ নেতৃত্ব দিয়ে। তেওঁৰ ৰাজত্বকালত কাটাৰে বৃহৎ পৰিসৰৰ অৰ্থনৈতিক সংস্কাৰ সাধন কৰিছিল, এল এন জি খণ্ডত প্ৰচুৰ বিনিয়োগ কৰিছিল আৰু বিশ্বৰ আগশাৰীৰ এল এন জি ৰপ্তানিকাৰক দেশ হিচাপে পৰিগণিত হৈছিল । তেওঁ দোহাৰ স্থাপত্যৰ দৃশ্যপট আধুনিকীকৰণ কৰি দেশৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিক নতুন উচ্চতালৈ উন্নীত কৰে । ২০১৩ চনত তেওঁ স্বেচ্ছাই পদত্যাগ কৰি নিজৰ পুত্ৰ শ্বেইখ তামিম বিন হামাদ আল থানীৰ হাতত ক্ষমতা অৰ্পণ কৰে ।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ