
যোৰহাট, ১৩ জুলাই (হি.স.)। আহাৰ মহীয়া বানত প্লাৱিত বলমা অঞ্চল। পুঠি নদীৰ বানে উটুৱাই নিলে ৰিং বান্ধ, পানীৰ তলত বিস্তীৰ্ণ কৃষিভূমি।
দেওবাৰে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফোটকাৰে বাঢ়ি অহা পুঠি নদীৰ বাঢ়নী পানীয়ে যোৱা নিশা মৰাণ গাঁৱৰ সমীপৱৰ্তী ৰিং বান্ধটো উটুৱাই নিয়ে। ফলত বলমা মৰাণ গাঁও, বেজৰ চোক, দেওধাই গাঁওকে ধৰি কেইবাখনো গাঁও বানপানীত প্লাৱিত হৈ পৰিছে।
ৰিং বান্ধটো চিঙি যোৱাৰ ফলত বাঢ়নী পানী দ্ৰুতগতিত জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰে। লগতে কেইবাশ হেক্টৰ কৃষিভূমি পানীৰ তলত ডুব যোৱাত কৃষক সকলে অতি কষ্টেৰে কৰা ধানখেতিৰ বিস্তৰ ক্ষতি হোৱাৰ আশংকাই দেখা দিছে। বহু ঠাইত সদ্য ৰোপণ কৰা ধানৰ পুলি সম্পূৰ্ণৰূপে পানীৰ তলত ডুব যোৱাত কৃষক ৰাইজ গভীৰ চিন্তাত পৰিছে।
খৰালী নদীখনৰ ৰিং বান্ধটো মেৰামতি নকৰাৰ বাবে বাৰিষাৰ প্ৰথমটো বানে উটি গ'ল বান্ধটো।
ইফালে, বানপানীৰ ফলত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাও ব্যাহত হৈছে। ৰাইজে অতি শীঘ্ৰে ভঙা ৰিং বান্ধ পুনৰ মেৰামতি কৰাৰ লগতে বানাক্ৰান্ত পৰিয়াল সমূহলৈ চৰকাৰী সাহায্য আৰু ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ ওচৰত দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা