
গোলাঘাট, ১৩ জুলাই (হি.স.)। কাজিৰঙা ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ নেতা প্ৰনৱ দলেৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ গোচৰ নম্বৰ ১০৮/২০২৬/ অধিনত ১২ টা কৈ ধাৰা আৰোপ কৰি তদন্ত অব্যাহত ৰাখিছে । বোকাখাত সমজিলা আদালতত হাজিৰ কৰোৱা পাছত প্ৰনৱ দলে সহ তেওৰ সহযোগী অমৃত নাগ আৰু বিজিত কুটুমৰ বিৰুদ্ধে আৰক্ষী থানাত ৰজু গোচৰ নম্বৰ ১০৮/২০২৬ ৰ অধিনত ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২)/ ১৯১(২)/১৯১(৩)/ ১৯০/৩২৯(৩)/৩২৪(২)/৩২৪(৩)/ ২২১/ ১৩২/ ১২১(২)/ ৩৫১(৩)/ ৭৪/ ৩২৬(জি)/ ৬২ ধাৰাত গোচৰ আৰোপ কৰি ৭ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।
বোকাখাতৰ সমজিলা ন্যায়ালয়ত প্ৰনৱ দলেক উপস্থিত কৰোৱাৰ কালত নেতা গৰাকীৰ সমৰ্থনত শতাধিক লোকে ন্যায়ালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ পাছত আৰক্ষীয়ে প্ৰনৱ দলে সহ আন দুই অভিযুক্তক বোকাখাত আৰক্ষী থানালৈ অনাৰ সময়তো প্ৰতিবাদকাৰীয়ে থানাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰণৱ দলেৰ হৈ অধিবক্তা মৃত্যুঞ্জয় পেগুৱে যুক্তি প্ৰদৰ্শন কৰে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা