স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতে বোকাখাত মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় প্ৰণৱ দলেক
গোলাঘাট, ১৩ জুলাই (হি.স.)। পুৱতি নিশা বোকাখাত আৰক্ষী থানালৈ নিয়া হয় দেওবাৰে গুৱাহাটীত গ্ৰেপ্তাৰ কৰা বোকাখাতৰ যুৱ নেতা প্ৰণৱ দলে সহ আন দুজনক ৷ সোমবাৰে পুৱাই বোকাখাত চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতে বোকাখাত মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা
স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতে বোকাখাত মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় প্ৰণৱ দলেক


গোলাঘাট, ১৩ জুলাই (হি.স.)। পুৱতি নিশা বোকাখাত আৰক্ষী থানালৈ নিয়া হয় দেওবাৰে গুৱাহাটীত গ্ৰেপ্তাৰ কৰা বোকাখাতৰ যুৱ নেতা প্ৰণৱ দলে সহ আন দুজনক ৷ সোমবাৰে পুৱাই বোকাখাত চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতে বোকাখাত মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় ৷ বোকাখাতৰ অলিয়ে গলিয়ে এতিয়া অসম আৰক্ষীৰ বিৰাট তহল ৷

জনতাৰ হৈ মাত মতা যুৱ নেতা প্ৰণৱ দলেক বিনাচৰ্তে মুক্তিৰ দাবী জনালে প্ৰণৱ দলেৰ সমৰ্থকে ৷ জনতাৰ কন্ঠ ৰোধ কৰি কৃষকৰ ভূমি অবৈধভাৱে অধিগ্ৰহণ কৰি পঞ্চতাৰকাযুক্ত হায়াট হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰো দিয়ে ৷ জাতি, মাটি ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰ খনে সাধাৰণ জনতাক বাকৰূদ্ধ কৰিব খোজা নীতিক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande