
নতুন দিল্লী, ১৩ জুলাই (হি.স.)। ভাৰতে আমেৰিকাৰ সৈতে আগতীয়াকৈ বাণিজ্যিক চুক্তি কৰিবলৈ অস্বীকাৰ কৰিছে আৰু এতিয়া উন্নত চৰ্তৰ বাবে অপেক্ষা কৰি আছে বুলি দাবী কৰা বাতৰি সোমবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে খাৰিজ কৰে। তেওঁ কয় যে এই খবৰটো সম্পূৰ্ণ মিছা, ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত আৰু আমেৰিকাৰ দল দুটা বাণিজ্যিক চুক্তিত উপনীত হ’বলৈ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। যোৱা মাহত ইয়াত আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমছন গ্ৰীৰৰ সৈতে হোৱা বৈঠকৰ কথা তেওঁ স্মৰণ কৰে। দুয়োপক্ষই সুষম, বাণিজ্যিকভাৱে কাৰ্য্যক্ষম আৰু দুয়োখন দেশৰ ব্যৱসায়ী, কৃষক, শ্ৰমিক আৰু গ্ৰাহকক সুনিৰ্দিষ্ট সুবিধা প্ৰদান কৰা চুক্তিৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। তেওঁ কয় যে জুন মাহত যেতিয়া আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমছন গ্ৰীৰে দিল্লী ভ্ৰমণ কৰিছিল তেতিয়া তেওঁৰ সৈতে মোৰ বহুত ভাল বৈঠক হৈছিল।আমাৰ দলসমূহে এই লক্ষ্যত উপনীত হোৱাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।
ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা অন্তৱৰ্তীকালীন দ্বিপাক্ষিক বাণিজ্য চুক্তি (বিটিএ) সন্দৰ্ভত যোৱা মাহৰ ২৪ জুনত নতুন দিল্লীত এখন গুৰুত্বপূৰ্ণ দুদিনীয়া মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছিল। ২৪ জুলাইত আমেৰিকাৰ অস্থায়ী ১০ শতাংশ শুল্কৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে দুয়োখন দেশে চুক্তি চূড়ান্ত কৰাৰ চেষ্টা চলাইছে যদিও আলোচনাৰ পিছত জাৰি কৰা আনুষ্ঠানিক বিবৃতিত কোনো চূড়ান্ত ফলাফল বা চুক্তি ঘোষণা কৰা হোৱা নাই।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ