
কামৰূপ, ১৩ জুলাই (হি.স.)। বস্ত্ৰ নগৰী শুৱালকুছিত লক্ষ্মী - নাৰায়ণ নামেৰে নতুন পাট-মুগাৰ বস্ত্ৰালয় মুকলি।
মুকলি কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে। স্থানীয় শিপিনীৰ দ্বাৰা প্ৰস্তুত কৰা নিৰ্ভৰযোগ্য বস্ত্ৰ প্ৰতিষ্ঠান খন
পূৱ শুৱালকুছিৰ মাটিপৰ্বত শুৱালকুছি লক্ষ্মী নাৰায়ণ বস্ত্ৰালয় নামেৰে মুকলি কৰা হয়।
বস্ত্ৰ বিপণী খনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া,হাজো-শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ দাস।
যি সময়ত শুৱালকুছি আৰ্হিত তৈয়াৰ কৰা নকল বস্ত্ৰৰে বজাৰ ভৰি পৰিছে তেনে সময়তে শুৱালকুছিৰ নৱ প্ৰজন্মৰ একাংশ উদীয়মান যুৱকে বস্ত্ৰ শিল্পটোক নিজৰ প্ৰচেষ্টাৰে ধৰি ৰাখিবলৈ প্ৰয়াস কৰা দেখা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু