
কোকৰাঝাৰ, ১৩ জুলাই (হি.স.)। পৰ্বতঝোৰাৰ ৰূপচীত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল দুই অভিযুক্তক আটক।
আটক মূল অভিযুক্ত দুজন ক্ৰমে- বিশ্বজিত ৰায় আৰু বিজয় ৰায়।
অভিযুক্ত দুজনে পলায়ন কৰাৰ সময়তে চাপৰৰ পৰা আটক কৰে কাজিগাঁও আৰক্ষীয়ে।
উল্লেখ্য যে- শনিবাৰে নিশা তিনি বন্ধুৱে মিলি কৰিছিল হাঁহৰ পাৰ্টি। পাৰ্টি চলি থকাৰ মাজতে কাজিয়াত লিপ্ত হৈছিল তিনিও।
ৰঞ্জিত ৰায় নামৰ যুৱক জনক বিশ্বজিত ৰায় আৰু বিজয় ৰায়ে মৰিয়াই মৰিয়াই গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ।
আঘাতপ্ৰাপ্ত ৰঞ্জিত ৰায়ৰ ধুবুৰী মেডিকেল কলেজত মৃত্যু হয়।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকৰ এজাহাৰ ভিত্তিত অভিযুক্ত দুজনক আটক কৰে কাজিগাও আৰক্ষীয়ে।
কাজিগাঁও আৰক্ষীয়ে অভিযুক্ত দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা