
লেনিন মাও গুৱেভাৰাৰ হিংসাত্মক দৰ্শনক অসমে কেতিয়াও মানি নলয়: ৰঞ্জীৱ কুমাৰ শৰ্মা
গুৱাহাটী, ১৩ জুলাই (হি.স.)। ৰাজ্যৰ উন্নয়ন প্রক্রিয়াক বিধি পথালি দিবলৈ এক অৰাজক পৰিস্থিতি সৃষ্টি কৰাৰ বাবে কংগ্ৰেছকে ধৰি সকলো বিৰোধী দল আৰু একাংশ তথাকথিত বুদ্ধিজীৱি এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ব্যাপক অপপ্ৰচাৰৰ জৰিয়তে অৰাজকতা বিয়পাই সমাজক অস্থিৰ কৰি তুলিবলৈ কংগ্ৰেছ ইকো চিষ্টেমে এ পৰিকল্পিতভাৱে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদমাধ্যমক সম্বোধন কৰি শ্রীশর্মাই লগতে কয় যে বিভ্রান্তিকৰ তথ্য প্ৰচাৰ কৰি কংগ্ৰেছ ইকো চিষ্টেমৰ লগত জড়িত একাংশ লোকে এক অৰাজক আৰু হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰি সমগ্র উন্নয়ন প্রক্রিয়াক স্থবিৰ কৰাৰ চেষ্টা চলাইছে।
অৱশ্যে এনে নেতিবাচক প্রয়াস কেতিয়াও সফল নহয় বুলি উল্লেখ কৰি শৰ্মাই লগতে কয় যে ইতিমধ্যে অসমৰ জনসাধাৰণে যোৱাটো বিধানসভা নির্বাচনত এনে নেতিবাচক চিন্তাধাৰা আৰু ৰাজনৈতিক শক্তিক ৰাজনৈতিকভাৱে সমাজৰ পৰা সম্পূৰ্ণভাৱে উৎখাত কৰি দিছে। উল্লেখযোগ্য যে একাংশ লোকে অধুনালুপ্ত ছোভিয়েট ইউনিয়নৰ নেতা লেনিন আৰু ষ্টেলিন, চীনৰ মাও চে তুং আৰু কিউবাৰ চে গুৱেভাৰাৰ আদৰ্শৰে অসমৰ সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ বাবে চলোৱা প্রয়াস কেতিয়াও গ্রহণযোগ্য হ'ব নোৱাৰে।
লেনিন আৰু ষ্টেলিনে ছোভিয়েট ইউনিয়নত ১৯২০ চনৰ পৰা ১৯৫২ চনৰ ভিতৰত প্রায় ৬০ লাখ, মাও চে তুঙে চীনত ১৯৪৯ পৰা ১৯৭৬ ৰ ভিতৰত সাংস্কৃতিক বিপ্লৱৰ নামত প্রায় ৪০ লাখ আৰু চে গুৱেভাৰাই ১৯৫৯ চনৰ পৰা ১৯৬৫ চনৰ ভিতৰত প্রায় ৫ লাখ লোকৰ হত্যাৰ নেতৃত্ব দিছিল বুলি ইতিহাসত লিপিবদ্ধ আছে। এনে লোকক আদর্শ হিচাপে লৈ অৰাজকতা বিয়পাব বিচৰা সকলে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাই গঢ়ি থৈ যোৱা বৰ অসমৰ সনাতনী ভেটিক এক প্ৰকাৰে অস্বীকাৰ কৰিছে।
কুকুৰ শৃগাল গর্দভৰো আত্মাৰাম, জানিয়া সবাকো কৰিবা প্রণাম বুলি কৈ গুৰুজনাই তাহানিতে আমাক একাত্ম মানৱ দৰ্শনৰ আদি শিক্ষা দি থৈ গৈছে। সেয়েহে মানরহত্যাৰ ৰক্তৰঞ্জিত ইতিহাসৰ খলনায়ক সকলক আদর্শ হিচাপে গ্রহণ কৰা লোকসকলৰ সামাজিক দায়বদ্ধতা আৰু ৰাজনৈতিক উদ্দেশ্যক লৈ সন্দেহ সৃষ্টি হোৱাটো তেনেই স্বাভরিক কথা বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মত পোষণ কৰে। দলৰ মিডিয়া পেনেলিষ্ট প্রিয়ংকা তামুলীৰ উপস্থিতিত সংবাদ মাধ্যমক সম্বোধন কৰি শ্ৰীশৰ্মাই লগতে কয় যে অসমৰ থলুৱা খিলঞ্জীয়া সমাজে শিল্পৰ নামত হিংসা আৰু হিংসাত্মক চিন্তাধাৰাক কেতিয়াও প্রশ্রয়ো নিদিয়ে আৰু মানিও নলয়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী