
ওদালগুৰি, ১৩ জুলাই (হি.স.)। ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ ভয়াৱহ সংঘাত। বন্যহস্তীৰ গছকত ৰাজ্যত পুনৰ প্ৰণ গ'ল এজনৰ । ওদালগুৰিৰ বাদলাপাৰা চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন।
বাদলাপাৰা চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত নিহত লোকজন বাটাম উড়িয়া (৪৯)।নিহত বাটাম উড়িয়াৰ ঘৰ বাদলাপাৰা চাহ বাগিচাৰ গাৰা লাইনত ।আজি পুৱাৰ ভাগত কামলৈ বুলি ওলাই যাওঁতেই বন্যহস্তীৰ মুখামুখি হৈ অকাল মৃত্যুক সাৱটি লয় বাটাম উড়িয়াই।ঘটনাস্থলীত বন বিভাগ আৰু ডিমাকুছি আৰক্ষী উপস্থিত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ