আজিৰ পৰা দুমাহ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং
আজিৰ পৰা দুই মাহ বন্ধ থাকিব পুৰণি শৰাইঘাট দলঙ।
আজিৰ পৰা দুমাহ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং


গুৱাহাটী, ১৩ জুলাই (হি.স.): আজি ১৩ জুলাইৰ পৰা ১৫ ছেপ্টেম্বৰলৈ দুই মাহ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং খন । দলং খনৰ মেৰামতিৰ কাম চলিব বাবে বন্ধ ৰখা হ’ব। সময়চোৱাত পুৰণি দলংখনত যান-বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব আৰু সকলো যান-বাহন নতুন শৰাইঘাট দলঙৰ মাজেৰে চলাচল কৰিব।

আৰক্ষীৰ নিৰ্দেশনা অনুসৰি, নামনি অসমৰ পৰা উজনিলৈ অহা সকলো গধুৰ যান-বাহন বাইহাটা চাৰিআলি-কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। একেদৰে, উজনিৰ পৰা নামনিলৈ যোৱা গধুৰ যান-বাহনসমূহো কলিয়াবৰ তিনি আলি-বাইহাটা চাৰিআলি হৈ যাব লাগিব । ইপিনে, পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ বাণিজ্যিক মালবাহী বাহনক গুৱাহাটীত প্ৰৱেশ বা প্ৰস্থান কৰিবলৈ দিয়া নহ’ব । অৱশ্যে ৰাজহুৱা বাছ, এম্বুলেন্স আৰু জৰুৰীকালীন সেৱাৰ বাহন নতুন দলঙৰ মাজেৰে চলাচল কৰিব পাৰিব । যান-জঁট পৰিহাৰ কৰিবলৈ যাত্ৰীসকলক বিকল্প পথ হিচাপে কুমাৰ ভাস্কৰ বাৰ্মা সেতু ব্যৱহাৰ কৰিবলৈ আৰু নতুন দলঙৰ ওপৰত অভাৰটেক নকৰিবলৈ আৰক্ষীয়ে অনুৰোধ জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande