নেপালৰ আঠটা ডাঙৰ ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ
কাঠমাণ্ডু, ১৩ জুলাই (হি.স.)। অবিৰত বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত সোমবাৰে নেপালৰ বিভিন্ন প্ৰান্তৰ আঠটা ডাঙৰ ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । দুটা পথত কেৱল একমুখী যাতায়ত চলি আছিল । মেচি ঘাইপথৰ অন্তৰ্গত ইলাম জিলাৰ ইলাম পৌৰসভাৰ ৰাজদুৱালী
भूस्खलन से बंद राजमार्ग


কাঠমাণ্ডু, ১৩ জুলাই (হি.স.)। অবিৰত বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত সোমবাৰে নেপালৰ বিভিন্ন প্ৰান্তৰ আঠটা ডাঙৰ ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । দুটা পথত কেৱল একমুখী যাতায়ত চলি আছিল । মেচি ঘাইপথৰ অন্তৰ্গত ইলাম জিলাৰ ইলাম পৌৰসভাৰ ৰাজদুৱালী অঞ্চলত পথ অৱৰোধৰ বাবে ঝাপা-তাপলেজুং পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। আৰক্ষীৰ মতে, এই বন্ধৰ বাবে বিকল্প পথেৰে বাহনসমূহ ডাইভাৰ্ট কৰা হৈছে।

সম্ভাৱ্য বানপানীৰ ভাবুকিৰ বাবে কাঠমাণ্ডু আৰু জনকপুৰ সংযোগী বি পি ঘাইপথ পৰৱৰ্তী জাননী নোপোৱালৈকে বন্ধ কৰি দিয়া হৈছে। একেদৰে মকাৱনপুৰ জিলাৰ ভীমফেদি গাঁও পৌৰসভাৰ ভৰিয়ানন্দত ভূমিস্খলনৰ ফলত কান্তি লোকপাথ ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ৰাজধানী কাঠমাণ্ডুৰ পৰা ওলাই নাউৰ কাঠমাণ্ডু অভিমুখে যোৱা শ শ বাহন আবদ্ধ হৈ আছে।

ইয়াৰ উপৰিও বানপানী আৰু ভূমিস্খলনৰ বাবে অৰ্ণিকো ঘাইপথ, পোখাৰা-টাংটিং পথ, ঘোৰাহি-ৰুকুম শ্বহীদ ঘাইপথ, ছালঝাণ্ডী-ধোৰপাটান ঘাইপথ, আৰু মদন ভাণ্ডাৰী ঘাইপথও সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। ইফালে, বানপানী আৰু ভূমিস্খলনৰ বাবে বৰ্তমান ভোজপুৰৰ মিহিল ঘাইপথ আৰু পাল্পৰ সিদ্ধাৰ্থ ঘাইপথত কেৱল একমুখী যাতায়ত চলি আছে। নেপাল আৰক্ষীয়ে যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে পথৰ অৱস্থা সন্দৰ্ভত সোধা-পোছা কৰি যাৱতীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande