ভূত বঙলাত পৰিণত নামতিৰ ঐতিহাসিক পৰিদৰ্শন বঙলা
শিৱসাগৰ, ১৩ জুলাই (হি.স.)। ভূত বঙলাত পৰিণত নামতিৰ ঐতিহাসিক পৰিদৰ্শন বঙলা। স্বাধীনতা আন্দোলনৰ সাক্ষী, জাতিৰ পিতাৰ পদধূলি পৰা ঐতিহাসিক নামতি পৰিদৰ্শন বঙলা আজি ভূত বঙলাত পৰিণত৷ শিৱসাগৰ জিলাৰ নামতি ৰেল ষ্টেচনৰ সন্মুখতে থকা এই পৰিদৰ্শন বঙলাটো গৌৰৱময় ইতি
ভূত বঙলাত পৰিণত নামতিৰ ঐতিহাসিক পৰিদৰ্শন বঙলা


শিৱসাগৰ, ১৩ জুলাই (হি.স.)। ভূত বঙলাত পৰিণত নামতিৰ ঐতিহাসিক পৰিদৰ্শন বঙলা। স্বাধীনতা আন্দোলনৰ সাক্ষী, জাতিৰ পিতাৰ পদধূলি পৰা ঐতিহাসিক নামতি পৰিদৰ্শন বঙলা আজি ভূত বঙলাত পৰিণত৷ শিৱসাগৰ জিলাৰ নামতি ৰেল ষ্টেচনৰ সন্মুখতে থকা এই পৰিদৰ্শন বঙলাটো গৌৰৱময় ইতিহাস।

১৯২১ চনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসম ভ্ৰমণৰ সময়ত এই বঙলাত কিছু সময় জিৰণি লৈছিল। তাৰ পাছত ড° ভূপেন হাজৰিকা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, খগেন বৰবৰুৱাকে আদি কৰি বহু মহান মনিষীৰ পদধূলি পৰিছিল এই বঙলাত। এসময়ত এই বঙলাত ৰাজকীয় অতিথিৰ আতিথ্য আৰু চৰকাৰী কাম-কাজৰ কেন্দ্ৰ আছিল।

বঙলাটোৰ চাল ভাঙি পৰিছে, বেৰবোৰ জহি খহি গৈছে, চাৰিওফালে হাবি-জংঘলে আগুৰি ধৰিছে। দিনৰ ভাগতো মানুহ যাবলৈ ভয় কৰে বঙলালৈ । স্থানীয় ৰাইজে ইয়াক ‘ভূত বঙলা’ বুলি কয়। চৰকাৰ আহিছে গৈছে, কিন্তু কাৰো আহৰি নাই। ঐতিহাসিক গুৰুত্ব থকা স্বত্বেও চৰকাৰী অৱহেলাৰ বাবে বঙলাটো নিশ্চিহ্ন হোৱাৰ পথত।

স্থানীয় প্ৰশাসনক বহুবাৰ জনোৱাৰ পাছতো আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গান্ধীজীৰ স্মৃতি বিজড়িত নামতি এই পৰিদৰ্শন বঙলাটো অতি সোনকালে পুনৰ নিৰ্মাণ কৰি পৰ্যটক সকল থাকিব পৰাকৈ গঢ়ি তোলাৰ দাবী জনাইছে স্থানীয় দল-সংগঠনে।

এই ক্ষেত্ৰত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক গুৰুত্ব প্ৰদান কৰিবৰ বাবে অনুৰোধ স্থানীয় ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande