ড্ৰাগছৰ বিৰূদ্ধে দৰঙৰ ধুলাত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট
দৰং, ১৩ জুলাই (হি.স.)। ড্ৰাগছৰ বিৰূদ্ধে দৰঙৰ ধুলাত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমছুৰ উদ্যোগত এই প্ৰতিবাদ। সমাজত বৃদ্ধি পোৱা ড্ৰাগছ, মদ, ভাং আদি নিচাজাতীয় দ্ৰব্যৰ প্ৰচলনৰ বিৰুদ্ধে সংগঠন দুটাৰ কৰ্মকৰ্তাই পূব মঙলদৈ ৰ
ড্ৰাগছৰ বিৰূদ্ধে দৰঙৰ ধুলাত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট


দৰং, ১৩ জুলাই (হি.স.)। ড্ৰাগছৰ বিৰূদ্ধে দৰঙৰ ধুলাত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট।

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমছুৰ উদ্যোগত এই প্ৰতিবাদ।

সমাজত বৃদ্ধি পোৱা ড্ৰাগছ, মদ, ভাং আদি নিচাজাতীয় দ্ৰব্যৰ প্ৰচলনৰ বিৰুদ্ধে সংগঠন দুটাৰ কৰ্মকৰ্তাই পূব মঙলদৈ ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৌহদত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।প্ৰতিবাদী কাৰ্যসূচীত সংগঠন দুটাৰ নেতা-কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ ড্ৰাগছমুক্ত, নিচামুক্ত সমাজ গঢ়াৰ দাবীত বিভিন্ন শ্লোগান দিয়ে। চৰকাৰক নিচাজাতীয় দ্ৰব্যৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande