বৰষুণৰ বাবে পানীয়ে প্লাৱিত কৰিলে মঙলদৈৰ কেইবাটাও অঞ্চল
দৰং, ১৩ জুলাই (হি.স.)। কেইবাদিনো ধৰি একেৰাহে দি থকা বৰষুণৰ বাবে পানীয়ে প্লাৱিত কৰিলে মঙলদৈৰ কেইবাটাও অঞ্চল। মঙলদৈৰ নোৱানদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে গোসাঁই গাঁও, কমাৰপাৰা, কপালীবস্তিকে ধৰি কেইবাটাও অঞ্চল। অংগনবাড়ী কেন্দ্ৰ, খেতি পথাৰ বুৰাই পে
বৰষুণৰ বাবে পানীয়ে প্লাৱিত কৰিলে মঙলদৈৰ কেইবাটাও অঞ্চল


দৰং, ১৩ জুলাই (হি.স.)। কেইবাদিনো ধৰি একেৰাহে দি থকা বৰষুণৰ বাবে পানীয়ে প্লাৱিত কৰিলে মঙলদৈৰ কেইবাটাও অঞ্চল।

মঙলদৈৰ নোৱানদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে গোসাঁই গাঁও, কমাৰপাৰা, কপালীবস্তিকে ধৰি কেইবাটাও অঞ্চল।

অংগনবাড়ী কেন্দ্ৰ, খেতি পথাৰ বুৰাই পেলোৱাৰ লগতে ৰাজহুৱা পথ ছিঙি পেলায় বানপানীয়ে।

বাইপাছ নিৰ্মাণত কালভাৰ্ট কম হোৱাৰ বাবে বুৰাই পেলোৱা অঞ্চল সমূহৰ পৰা পানী নিষ্কাশন নোহোৱাত অসুবিধাৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande